উত্তৰ-পূব
উত্তৰ পূৱৰ প্ৰতিটো বিমানবন্দৰৰ মাজত চলিব বিমান

গুৱাহাটী,৩ নৱেম্বৰ : বিশ্বৰ আন দেশৰ দৰে ভাৰততো ক’ভিডকেন্দ্ৰিক পৰিস্থিতিৰ বাবে বিমান পৰিবহণ খণ্ডটোত বাৰুকৈয়ে নেতিবাচক প্ৰভাৱ পৰিছিল। আনকি বিমান সেৱা বহুদিন ধৰি বন্ধ হৈ থকা বাবে বিগত বৰ্ষত বিমান পৰিবহণ সংস্থা সমূহৰ লগতে ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ৰ অধীনৰ ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰনো লোকচানৰ সম্মুখীন হ’ব লগা হৈছিল।
কিন্তু বৰ্তমান ক’ভিড পৰিস্থিতি কিছু স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ পাছত বৰ্তমান দেশৰ আন ৰাজ্যৰ দৰে অসমসহ উত্তৰ পূৱৰ ৰাজ্য সমূহতো ঘৰুৱা বিমান যাত্রীৰ সংখ্যা বৃদ্ধি পাইছে। এই কথা সদৰি কৰিছে ভাৰতীয় বিমান প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ বৰঝাৰস্থিত আঞ্চলিক মুখ্য কাৰ্যালয়ৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক ৰবি কান্তে। বিষয়াগৰাকীয়ে জনোৱা মতে ভাৰত চৰকাৰৰ আঞ্চলিক যোগাযোগ আঁচনি চমুকৈ আৰ চি এছৰ উড়নৰ অধীনত উত্তৰ পূৱৰ প্ৰতিটো বিমানবন্দৰৰ মাজত পাৰস্পৰিক বিমান সম্পৰ্ক অৰ্থাৎ প্ৰতিটো বিমানবন্দৰৰ মাজত ঘৰুৱা যাত্ৰীবাহী বিমান চলাচল কৰাৰ আঁচনি গ্ৰহণ কৰা হৈছে।
ইয়াৰ অধীনত মেঘালয়ৰ শ্বিলঙৰ পৰা মিজোৰামৰ ৰাজধানী আইজলৰ লেংপুই বিমানবন্দৰ , শ্বিলঙৰ পৰা ইম্ফল আৰু আগৰতলা , শ্বিলং আৰু ডিব্ৰুগড়ৰ মাজত বিমান চলাচল কৰোৱা হ’ব। বৰ্তমান গুৱাহাটীৰ পৰা অৰুণাচল প্ৰদেশৰ পাছিঘাট আৰু তেজুলৈ নিয়মীয়াকৈ বিমান চলাচল কৰি আছে। তেনেদৰে অৰুণাচল প্ৰদেশৰ হোলোংগীত নতুন বিমানবন্দৰ নিৰ্মাণৰ কাম চলি আছ।
বৰ্তমান বিমানবন্দৰটোৰ নিৰ্মাণ কার্য প্ৰায় ৪২ শতাংশ সম্পন্ন হৈছে। বিমানবন্দৰটোৰ নিৰ্মাণ কাৰ্য অহা ২০২২ বর্ষৰ নৱেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আনহাতে আগৰতলা মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰত নিৰ্মাণ কৰি থকা নতুন টাৰ্মিনেল বিল্ডিংটো ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। নতুন টাৰ্মিনেল বিল্ডিংটোত প্ৰতি ব্যস্ত ঘণ্টাত ১,২০০ জন যাত্ৰী অহা যোৱা কৰাৰ লগতে ৬ টা পাৰ্কিং ৱে , ৪ খন এৰোব্ৰীজ , ২ টা লিংক টেক্সিৱে আৰু ২০ টা চেকিং পইণ্ট থাকিব। আনহাতে ৰবি কান্তে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ চৌহদত নিৰ্মাণ কৰি থকা নতুন টাৰ্মিনেল বিল্ডিঙৰ নিৰ্মাণকার্য প্ৰায় ৪০ শতাংশ সম্পন্ন হোৱা বুলি সদৰি কৰে।
উত্তৰ-পূব
নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

গুৱাহাটী,২ ডিচেম্বৰঃ নাগালেণ্ডৰ ৫৯ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস বুধবাৰে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাজধানী ক’হিমাৰ সচিবালয়ৰ প্লাজাৰ খেলপথাৰত অনুষ্ঠিত এক জাকজমকীয়া অনুষ্ঠানত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৱে মুখ্য অতিথি হিচাপে উপস্থিত থাকে । এই উপলক্ষে দিয়া ভাষণত নেইফিউ ৰিঅৱে কয় যে বিৰোধীহীন ইউনাইটেড ডেমক্ৰেটিক এলায়েন্সৰ চৰকাৰে বৰ্তমান নাগালেণ্ড উন্নয়ন আৰু জনসাধাৰণৰ বিকাশৰ বাবে নিৰন্তৰে কাম কৰি আহিছে ।
গতিকে ৰাজ্যবাসীক নাগালেণ্ডৰ শান্তি আৰু বিকাশক আগুৱাই লৈ যাবলৈ একগোট হৈ কাম কৰিবলৈ আহবান জনায়। লগতে নাগৰিকসকলৰ এক সন্মানজনক জীৱন সুবিধা প্ৰদানৰ বাবে আহবান জনায়। ৰিঅ’ৱে কয় যে আমি মানৱ সম্পদ বিকাশৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। তদুপৰি আমি ৰাজ্যৰ বিকাশৰ গতি দ্ৰুত কৰিবৰ বাবে প্ৰশাসনিক আৰু শাসন প্ৰণালীৰ সংশোধন কৰাৰ প্ৰয়োজন ।
উল্লেখ যে ১৯৬৩ চনৰ ১ ডিচেম্বৰত নাগালেণ্ডে ভাৰতৰ যুক্তৰাষ্ট্ৰৰ ১৬ সংখ্যক ৰাজ্য হিচাবে জন্ম লাভ কৰাৰ বুধবাৰে ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱসত ভৰি দিয়ে। ৰাজ্য প্ৰতিষ্ঠা এই দিবসত মুখ্যমন্ত্ৰী ৰিঅ’ৱে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰে । ৰিঅ’ৱে নাগালেণ্ড ৰাজ্য প্ৰতিষ্ঠাত আত্মবলিদান দিয়া মহান নগা নেতাসকলক শ্ৰদ্ধাৰে সোঁৱৰে ।
উত্তৰ-পূব
অৰুণাচললৈ বলীউডৰ মুন্নাভাই সঞ্জয় দত্ত

গুৱাহাটী,২৯ নবেম্বৰঃ দুদিনৰ বাবে অৰুণাচললৈ বলীউডৰ মুন্নাভাই খ্যাত সঞ্জয় দত্ত। প্ৰকৃতিৰ ভূ-স্বৰ্গ মেচুকাত ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে থাকিব বিশিষ্ট অভিনেতাগৰাকী। পুৱাতে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হয় বলীউদৰ অভিনেতাগৰাকী। তাৰ পাছতেই সেনা বাহিনীৰ হেলিকপ্টাৰেৰে পোনে পোনে অৰুণাচল প্ৰদেশৰ মেচুকালৈ ৰাওনা হয় অৰুণাচল প্ৰদেশৰ ব্ৰেণ্ড এম্বেচাদৰ সঞ্জয় দত্ত।
প্ৰকৃতিৰ ভূ-স্বৰ্গ মেচুকাত ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে তেওঁক আদৰণি জনোৱা হয়। অৰুণাচলৰ মেচুকাতে দুদিন কটাব অভিনেতা গৰাকীয়ে। অৰুণাচলৰ সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণি উৎসৱত অংশগ্ৰহণ কৰিব বলিউডৰ অভিনেতাগৰাকীয়ে।
উত্তৰ-পূব
মণিপুৰত ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ, জব্দ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ

গুৱাহাটী,২৯ নবেম্বৰঃ মণিপুৰৰ থৌবাল আৰক্ষীয়ে দেওবাৰে ইষ্ট ইম্ফলত অভিযান চলাই নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ কৰে। লগতে বৃহৎ সংখ্যক মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে এক গোপন খবৰ ভিত্তিত থৌবাল আৰক্ষী অধীক্ষক যোগেশ চন্দ্ৰ হাউবিজামৰ নেতৃত্বত আৰক্ষীৰ এটা দলে থৌবাল জিলাৰ হেইকাপ অবাঙ লেইকাইত অভিযান চলাই প্ৰফুল্ল সিঙ, লেইটনজাম কুমাৰ সিঙ আৰু ৱাহেন টমপক নামৰ কেডাৰ কেইজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা ১৩ টা এ কে ৫৬ ৰাইফল , এটা এ কে ৮১, এটা এ কে ৮৬, দুটা এম ১৬ মেছিন গান আৰু দুশ ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
জানিব পৰা এই বৃহৎ মাৰণাস্ত্ৰখিনি ইউ এন এল এফৰ সদস্যই গোপনে সৰবৰাহ কৰিবলৈ লোৱা তথ্য লাভ কৰা পিছতে আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। প্ৰফুল্ল সিঙৰ আৰক্ষীয়ে জেৰাত এই মাৰণাস্ত্ৰখিনি জব্দ কৰিবলৈ সক্ষম হয়।
-
অসম6 months ago
জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ
-
উত্তৰ-পূব6 months ago
নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
-
অসম6 months ago
চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ
-
অসম6 months ago
নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল
-
গুৱাহাটী6 months ago
গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব
-
অসম6 months ago
ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়
-
ভাৰত6 months ago
কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত মতান্তৰ
-
উত্তৰ-পূব6 months ago
অৰুণাচললৈ বলীউডৰ মুন্নাভাই সঞ্জয় দত্ত