বিশ্ব
আফগানিস্তানত নিষিদ্ধ বিদেশী মুদ্ৰা

গুৱাহাটী,৪ নবেম্বৰঃ আফগানিস্তানত তালিবানে বিদেশী মুদ্ৰাৰ প্ৰচলন সম্পুৰ্ণ ৰূপে নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰে। দেশখনৰ বৰ্তমানৰ সংকটজনক বিত্তীয় অৱস্থা আৰু খাদ্য সংকটৰ প্ৰতি লক্ষ্য ৰাখিয়ে তালিবানে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ঘোষণা কৰে। তালিবানে দেশখনৰ চেণ্ট্ৰেল বেংকৰ ৰিজাৰ্ভ মোকলাই দিয়াৰ বাবে আৰু বিদেশী সম্পত্তি মোকলাই দিয়াৰ বাবেই তালিবানে এই সিদ্ধান্ত গ্ৰহণ কৰে।
উল্লেখ যে আফগানিস্তানত তালিবানে ১৫ আগষ্টত ক্ষমতা দখল কৰাৰ পাছৰে পৰা দেশখনত তীব্ৰ আৰ্থিক সংকটৰ সৃষ্টি হৈছে। আমেৰিকাৰ সৈন্য আফগানিস্তানত থকাৰ সময়ত দেশখনত বহুল পৰিমাণে আমেৰিকান ডলাৰ ব্যৱহাৰ হৈছিল। আফগানিস্তানত বিত্তীয় সংকট আৰু খাদ্য সংকট আৰম্ভ হোৱাৰ পাছতে বিভিন্ন দেশৰ নেতা সকলে দেশখনলৈ মানৱীয় সাহায্য আগবঢ়োৱাৰ বাবে আহ্বান জনাইছে।
বিশ্ব
টুইটাৰৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱাল

গুৱাহাটী,৩০ নবেম্বৰঃ মাইক্ৰ’ব্লগিং ছাইট টুইটাৰৰ সহ-প্ৰতিষ্ঠাপক জেক ডাৰ্চিয়ে কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াপদ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁৰ ঠাইত ভাৰতীয় বংশোদ্ভূত পৰাগ আগৰৱালক নিযুক্তি প্ৰদান কৰা হৈছে। এতিয়াৰে পৰা টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া হ’ব ভাৰতীয় মূলৰ পৰাগ আগৰৱাল। ইয়াৰ পিছতে বিভিন্নজনে পৰাগক শুভেচ্ছা জ্ঞাপন কৰিছে।
আনহাতে টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদ ত্যাগ কৰা জেক ডাৰ্চিয়েও পৰাগক এই দায়িত্ব দিয়াৰ বাবে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে প্ৰশংসা কৰিছে। জেক ডাৰ্চিয়ে কৈছে যে টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে পৰাগৰ ওপৰত তেওঁৰ গভীৰ বিশ্বাস আছে। যোৱা ১০ বছৰত তেওঁৰ কাম অত্যন্ত দৰ্শনীয় আছিল। ডৰ্চিয়ে লগতে কৈছে যে তেওঁ পৰাগৰ হৃদয়, ব্যক্তিত্ব আৰু দক্ষতাৰ বিষয়ে নিশ্চিত আৰু অতি কৃতজ্ঞ।
এতিয়া তেওঁৰ নেতৃত্ব দিয়াৰ সময়। উল্লেখ্য যে পৰাগ আগৰৱাল টুইটাৰৰ মুখ্য প্ৰযুক্তি বিষয়া (চি টি অ’) হিচাপে কৰ্মৰত আছিল। তেওঁ টুইটাৰৰ মুখ্য কাৰিকৰী বিষয়া আৰু সম্পূৰ্ণ কাৰিকৰী দায়িত্বত আছিল। ডাৰ্চিৰ মতে পৰাগ আগৰৱালে টুইটাৰত এজন অভিযন্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। এতিয়া তেওঁ চি ই অ’ৰ দায়িত্ব ল’ব। কম্পিউটাৰ বিজ্ঞানত ডক্টৰেট লাভ কৰা পৰাগ আগৰৱালে আই আই টি বোম্বাইৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী গ্ৰহণ কৰিছে। তাৰ পিছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞানত পি এইচ ডি কৰিছে।
আগৰৱালে ২০১১ চনত টুইটাৰত যোগদান কৰিছিল। তেতিয়াৰ পৰা তেওঁ টুইটাৰত কাম কৰি আছে। তেওঁক ২০১৭ চনত কোম্পানীৰ চি টি অ’ হিচাপে দায়িত্ব দিয়া হৈছিল। যিসময়ত পৰাগে টুইটাৰত যোগদান কৰিছিল সেই সময়ত কৰ্মচাৰীৰ সংখ্যা ১০০০ তকৈ কম আছিল। পৰাগে টুইটাৰত যোগদান কৰাৰ আগতে মাইক্ৰছফ্ট আৰু য়াহুতো সেৱা আগবঢ়াইছে।
বিশ্ব
আমেৰিকাক অতিক্ৰমি শীৰ্ষস্থানত চীন

গুৱাহাটী,১৭ নবেম্বৰঃ মহাশক্তিশালী আমেৰিকাক পিছ পেলাই পৃথিৱীৰ সকলোতকৈ সম্পদশালী ধনাঢ়্য দেশ হিচাপে পৰিগণিত হৈছে এছিয়াৰ ছুপাৰ পাৱাৰ চীন। মাত্র দুটা দশকৰ ভিতৰত আমেৰিকাক অতিক্রম কৰি শীর্ষত অৱস্থান কৰিছে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্রখনে।
ৱর্ল্ড ট্রেড অর্গেনাইজেচনৰ এক সমীক্ষা মতে ২০০০ চনত কেৱল ৭ ত্রিলিয়ন ডলাৰৰ সম্পদ থকা চীনে ২০২১ত ১২০ ত্রিলিয়ন ডলাৰলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷ সমীক্ষাটোৰ মতে ২০০০ চনত বিশ্বৰ মুঠ সম্পদৰ পৰিমাণ আছিল ১৫৬ ত্রিলিয়ন আৰু এতিয়া এই পৰিমাণ ত্রিগুণতকৈ বেছি বৃদ্ধি হৈ ৫১৪ ত্রিলিয়ন ডলাৰ হৈছেগৈ।
আমেৰিকাৰ মুঠ সম্পদৰ পৰিমাণ এই সময়ছোৱাত দ্বিগুণ বৃদ্ধি হৈছে যদিও চীনতকৈ বহু পিছপৰি ৰৈছে। আমেৰিকাৰ সম্পদৰ পৰিমাণ হ’ল ৯০ ত্রিলিয়ন৷ প্রকাশ পোৱা তথ্য মতে চীনে যোৱা দুটা দশকত বিশ্বজুৰি ব্যৱসায়িক পৰিসৰ বৃদ্ধি কৰাৰ ফলতেই প্রভুত সম্পদৰ অধিকাৰী হৈছে আৰু শক্তিশালী আমেৰিকাক স্থানচ্যুত কৰি শীর্ষত অৱস্থান কৰিবলৈ সক্ষম হৈছে৷
বিশ্ব
ছিংগাপুৰৰ চিৰিয়াখানাত চাৰিটা সিংহৰ দেহত ক’ভিডৰ উপস্থিতি

গুৱাহাটী,১১ নবেম্বৰঃ ছিংগাপুৰৰ এখন চিৰিয়াখানৰ চাৰিটা সিংহৰ শৰীৰত ক’ভিডৰ সংক্ৰমণ ধৰা পৰিছে। চিৰিয়াখানাখনৰ ক’ভিড সংক্ৰমিত কৰ্মচাৰীৰ সংস্পৰ্শলৈ অহাৰ পাছতে সিংহ চাৰিটা ক’ভিড প’জিটিভ হোৱা বুলি ধাৰণা কৰা হৈছে। ছিংগাপুৰৰ নাইট চাফাৰী চিৰিয়াখানাত থকা সিংহ চাৰিটাৰ শৰীৰত ক’ভিডৰ সংক্ৰমণ ধৰা পৰে।
সিংহ চাৰিটাৰ শৰীৰত কাঁহ আৰু চৰ্দিৰ নিচিনা ক’ভিডৰ প্ৰাথমিক লক্ষণ ধৰা পৰাৰ পাছতে পি চি আৰ পৰীক্ষা কৰা হয় আৰু উক্ত পৰীক্ষাত সিংহ চাৰিটা ক’ভিড প’জিটিভ হোৱা বুলি নিশ্চিত হয়। চিৰিয়াখনৰ কৰ্মচাৰীয়ে উল্লেখ কৰা অনুসৰি সিংহ চাৰিটা ক’ভিড প’জিটিভ হ’লেও এতিয়াও ভালদৰে খোৱা-লোৱা কৰি আছে। চিৰিয়াখানা কৰ্তৃপক্ষই সিংহ চাৰিটাৰ স্বাস্থ্যৰ ওপৰত অহৰ্নিশে নজৰ ৰখা বুলিও উল্লেখ কৰে।
-
অসম6 months ago
জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ
-
উত্তৰ-পূব6 months ago
নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
-
অসম6 months ago
চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ
-
অসম6 months ago
নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল
-
গুৱাহাটী6 months ago
গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব
-
অসম6 months ago
ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়
-
ভাৰত6 months ago
কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত মতান্তৰ
-
উত্তৰ-পূব6 months ago
অৰুণাচললৈ বলীউডৰ মুন্নাভাই সঞ্জয় দত্ত