Connect with us

অসম

অসমলৈ অনা হ’ব গুজৰাটৰ ২০০০ গিৰ গাই

গিৰ গাই

গুৱাহাটী,১১ নবেম্বৰঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নিৰ্দেশত অসমলৈ ২০০০ গিৰ গাই অনাৰ ব্যৱস্থা গ্ৰহণৰ বাবে বিধায়ক তথা গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাৰ নেতৃত্বত অসমৰ এটা প্ৰতিনিধি দল গুজৰাটত উপস্থিত হৈ ৰাজ্যখনৰ পশুপালন মন্ত্ৰী ৰাঘৱ জি  পেটেলক সাক্ষাৎ কৰে। অসমৰ প্ৰতিনিধি দলটোৱে গুজৰাটৰ পশুপালন মন্ত্ৰী গৰাকীৰ লগত অসমলৈ গিৰ গাই অনাৰ বিষয়ে আলোচনা কৰে।

উল্লেখ যে শেহতীয়াকৈ অসম আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীৰ মাজত হোৱা এক আলোচনাত গুজৰাটৰ পৰা অসমলৈ ২০০০ গিৰ গাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। মুখ্যমন্ত্ৰীৰ সেই উদ্যোগক বাস্তৱ ৰূপ দিবলৈ গুজৰাটত গৈ উপস্থিত হোৱা অসমৰ দলটোক নেতৃত্ব দিয়া পদ্ম হাজৰিকাই গুজৰাটৰ পশুপালন মন্ত্ৰী গৰাকীৰ সৈতে এক আলোচনাত মিলিত হয়।

বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত তিনিদিনীয়া কাৰ্যসূচীৰে গুজৰাটত গৈ উপস্থিত হোৱা অসমৰ প্ৰতিনিধি দলটোত আছে ৰাজ্যখনৰ কৃষি সঞ্চালক বিনোদ চেচান আৰু ড০ পূৰ্ণানন্দ কোঁৱৰৰ নেতৃত্বত তিনিজনীয়া পশু চিকিৎসকৰ দল। আলোচনাৰ অন্তত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এমাহৰ ভিতৰত ২০০ গিৰ গাই অসমলৈ অনাৰ ব্যৱস্থা কৰা হ’ব আৰু আগন্তুক মাৰ্চ মাহৰ ভিতৰত আৰু ৫০০ গিৰ গাই অসমলৈ অনা হ’ব। ইতিমধ্যে ইয়াৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

গুৱাহাটী

গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব

কামৰূপ

গুৱাহাটী,১ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলাত ভেকচিন নোলোৱাকৈ এজনো লোক যাতে বাদ যাব নোৱাৰে তাৰ বাবে ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পৰ্যায়ৰ অভিযানত ভোট কেন্দ্ৰৰ ভোটাৰ ট্ৰেক কৰি সন্ধান বিচাৰি প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা লোৱা হৈছে।

দ্বিতীয় দিনা কামৰূপ মহানগৰ জিলাত ‘হৰ ঘৰ দস্তক’ৰ নীৰিক্ষক হিচাপে নিয়োজিত মুখ্য সচিব জিষ্ণু বৰুৱাই পাটৰকুছিৰ পাহাৰীয়া এলেকাত কেইজনমান লোকে ক’ভিড প্ৰতিষেধক ল’বলৈ দ্বিধাগ্ৰস্ত হৈ আছে বুলি জানিব পাৰি উপায়ুক্ত পল্লৱ গোপাল ঝা, অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ দাস, দিছপুৰৰ চক্ৰ বিষয়া (ভাৰপ্ৰাপ্ত) চিন্ময় নেওগ তথা চিকিংসক, স্বাস্থ্যকৰ্মীৰ সৈতে পাহাৰত বাস কৰা কেবাজনো ব্যক্তিক পুৱাতে ক’ভিড প্ৰতিষেধক প্ৰদান কৰোৱায়।

হেঙেৰাবাৰী ক’ভিড প্ৰতিষেধক কেন্দ্ৰৰ কাম-কাজ নীৰিক্ষণ কৰাৰ উপৰি মুখ্য সচিবগৰাকীয়ে বৰবাৰীস্থিত কেবাখনো দোকানত সোমাই কৰ্মচাৰীসকলৰ ক’ভিড প্ৰতিষেধক লোৱাৰ বিষয়ে সোধ-পোচ কৰাৰ উপৰি অঞ্চলৰটোৰ ঘৰত গৈ দীৱাংগসহ ২২ গৰাকী পুৰুষ-মহিলাক প্ৰথম পালি আৰু ২৪ গৰাকীক দ্বিতীয় পালি প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰে।

অনুৰূপ ধৰণে জিলাখনত নিয়োজিত আন এজন নিৰীক্ষক, সচিবালয়ৰ প্ৰশাসনিক বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্ননে আজি অতিৰিক্ত উপায়ুক্ত মুনীন্দ্ৰ বৰদলৈ, সোণাপুৰৰ চক্ৰ বিষয়া (সংলগ্ন) হিমাদ্ৰি বৰা আৰু স্বাস্থ্যকৰ্মীৰ সৈতে সোণাপুৰৰ ভড়াগাঁও, টেঘেৰিয়া, খমাৰ, কিলিং, টালনি আদি গাঁৱত গৈ মানুহৰ ঘৰত প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰে। সেইদৰে অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসে আজাৰা, গড়ল আদি স্থানত, ড° ধ্ৰুৱ জ্যোতি হাজৰিকাই জালুকবাৰী, পাণ্ডু, কামাখ্যা কলনি আৰু চাৰিওটা ৰাজহ চক্ৰত সংশ্লিষ্ট চক্ৰ বিষয়াসকলে ‘হৰ ঘৰ দস্তক’ কাৰ্যসূচীৰ তদাৰক কৰে।

Continue Reading

অসম

যোৰহাট কাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা লৰাৰ দুৰ্ঘটনাত মৃত্যু

নীৰজ দাস

গুৱাহাটী,১ ডিচেম্বৰঃ ৰাজ্য কঁপোৱা যোৰহাট কাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা লৰাৰ মৃত্যু। মঙ্গলবাৰে শেষ নিশা আৰক্ষীৰ বাহনৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীৰ বাহনৰ খুন্দাত মৃত্যু হয় ক’লা লৰাৰ। যোৰহাটৰ মাজমজিয়াত সংঘটিত হোৱা অনিমেষ বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিল এই ক’লা লৰা।

আৰক্ষীয়ে সদৰি কৰা মতে মঙ্গলবাৰে নিশা চিনামৰা খৰীয়া চুকুত আৰক্ষীৰ বাহনৰ পৰা জপিয়াই পলাবলৈ চেষ্টা কৰিছিল। সেই সময়ত পাছে পাছে আহি থকা আৰক্ষীৰ আন এখন বাহনে খুন্দিয়াই ক’লা লৰাক। ইয়াৰ পিছতে এই ঘটনাত আহত আঘাতপ্ৰাপ্ত ক’লা লৰাক জে এম চি এইছত ভৰ্তি কৰোৱা হয় যদিও

জে এম চি এইছত চিকিৎসকে মৃত ঘোষণা কৰে। আনহাতে এই ঘটনাত আহত হয় আন ৩ জন আৰক্ষী। উল্লেখ্য যে সোমবাৰে বিয়লি যোৰহাটৰ মাজমজিয়াত উদিয়মান ছাত্ৰ নেতা অনিমেষ ভূঞাৰ লগতে আন দুজনক দলবদ্ধভাৱে আক্ৰমণ কৰিছিল ক’লা লৰাৰ নেতৃত্বত প্ৰায় ৫০ জন ব্যক্তিয়ে। ক’লা লৰাৰ মাতাল পিতৃক সহায় কৰিবলৈ গৈ দলবদ্ধ আক্ৰমণৰ সন্মুখীন হৈছিল অনিমেষ ভূঞাৰ লগতে মৃদুস্মন্ত বৰুৱা আৰু প্ৰণয় বৰুৱা। এই ঘটনাত প্ৰাণ হেৰুৱালে অনিমেষে। ইয়াৰ পিছতে আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত কৰি ক’লা লৰাৰ সৈতে মুঠ ১৪ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল।

এই ১৪ জনৰে ৭ জনক মঙ্গলবাৰে আদালতে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰাৰ লগতে ৬ গৰাকীক কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। তাৎপৰ্যপূৰ্ণ ভাৱে ক’লা লৰাক যোৰহাট আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱা নাছিল। সমগ্ৰ ৰাজ্যজুৰি ক’লা লৰাৰ ফাঁচীৰ দাবী উত্থাপন হৈছিল। এই ক’লা লৰাৰ বিৰুদ্ধে পূৰ্বেৰে পৰা আছে ৯০ টা অভিযোগ। ড্ৰাগছ সৰবৰাহৰ দৰে গোচৰো আছে তাৰ বিৰুদ্ধে। আনহাতে এই ঘটনাৰ পিছতে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙৰ এটা টুইট ভাইৰেল হৈ পৰিছে। তেওঁ নিশা ২ বাজি ২৯ মিনিটত টুইটাৰত লিখিছে প্ৰতিটো কাৰ্য বা কামৰে সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থাকে।

Continue Reading

অসম

মাজুলী-যোৰহাট দলঙৰ নিৰ্মাণ কাৰ্য উদ্বোধন কৰিলে মুখ্যমন্ত্রীয়ে

মাজুলী-যোৰহাট দলঙ

গুৱাহাটী,৩০ নবেম্বৰঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সোমবাৰে মাজুলীৰ দক্ষিণপাটত ৮.২৫ কিল’মিটাৰ দৈর্ঘ্যৰ মাজুলী-যোৰহাট দলঙৰ নিৰ্মাণ কাৰ্য আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। লক্ষ্ণৌৰ ‘ইউ পি ষ্টেট ব্ৰিজ কনষ্ট্ৰাকচন কৰ্প’ৰেচন লিমিটেডে’ নিৰ্মাণ কৰিব লগীয়া দলংখনৰ বাবে কেন্দ্রীয় চৰকাৰে ৯২৫.৪৭ কোটি টকা মঞ্জুৰ কৰিছে। প্রকল্পটি সম্পূর্ণকৰণৰ বাবে সময়সীমা নির্ধাৰণ কৰা হৈছে ৪৮ মাহ।

উদ্বোধনী অনুষ্ঠানত প্ৰকল্পটো অনুমোদন কৰাৰ বাবে মুখ্যমন্ত্রীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পথ, যাতায়াত আৰু ঘাইপথ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰিলৈ কৃতজ্ঞতা প্রকাশৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অৱদানৰ কথা স্মৰণ কৰে। এই দলংখন মাজুলীৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবী আছিল আৰু সম্পূৰ্ণ হোৱাৰ পাছত ই যোৰহাট আৰু মাজুলীৰ মাজত যোগাযোগৰ ক্ষেত্ৰত এক দৃষ্টান্তমূলক পৰিৱৰ্তন সূচনা কৰাৰ উপৰি নদীদ্বীপ জিলাখনৰ দ্ৰুত বিকাশ ঘটাব বুলিও মুখ্যমন্ত্রীয়ে ব্যক্ত কৰে। তদুপৰি অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰা মাজুলী-লখিমপুৰ সংযোগী ধূনাগুৰিত এখন নতুন দলং ৭৫০ কোটি টকাৰ নিজা ব্যয়ৰে নিৰ্মাণৰ কাম আৰম্ভ কৰিব বুলিও মুখ্যমন্ত্রীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

এই কাৰ্যসূচীৰ লগতে দক্ষিণপাটত অসম মাইক্ৰ’ ফাইনেন্স ইনচেণ্টিভ এণ্ড ৰিলিফ আঁচনি, ২০২১ৰ অধীনত মাজুলীৰ ৫৩৩ গৰাকী হিতাধিকাৰীৰ লগতে ভূমি অধিগ্ৰহণ ক্ষতিপূৰণৰ ৫ টা ক্ষতিগ্ৰস্ত পৰিয়ালক মুখ্যমন্ত্রীৰ দ্বাৰা চেক প্ৰদান কৰা হয়। এই অনুষ্ঠানত মন্ত্ৰী বিমল বৰা আৰু বিধায়ক নৱ কুমাৰ দলেও উপস্থিত আছিল।

Continue Reading

আপডেট খবর

কামৰূপ কামৰূপ
গুৱাহাটী16 hours ago

গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব

গুৱাহাটী,১ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলাত ভেকচিন নোলোৱাকৈ এজনো লোক যাতে বাদ যাব নোৱাৰে তাৰ বাবে ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পৰ্যায়ৰ...

আৰ হৰি কুমাৰ আৰ হৰি কুমাৰ
ভাৰত16 hours ago

ভাৰতীয় নৌসেনাৰ মুৰব্বীৰ দায়িত্বত এডমিৰেল আৰ হৰি কুমাৰ

গুৱাহাটী,১ ডিচেম্বৰঃ দেশৰ নৌসেনা বাহিনীৰ ২৫ সংখ্যক মুৰব্বী হিচাপে দায়িত্ব গ্রহণ কৰে এডমিৰেল আৰ হৰি কুমাৰে৷ নৌসেনাৰ মুৰব্বী এডমিৰেল কৰমবীৰ...

নীৰজ দাস নীৰজ দাস
অসম16 hours ago

যোৰহাট কাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা লৰাৰ দুৰ্ঘটনাত মৃত্যু

গুৱাহাটী,১ ডিচেম্বৰঃ ৰাজ্য কঁপোৱা যোৰহাট কাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা লৰাৰ মৃত্যু। মঙ্গলবাৰে শেষ নিশা আৰক্ষীৰ বাহনৰ পৰা...

মাজুলী-যোৰহাট দলঙ মাজুলী-যোৰহাট দলঙ
অসম2 days ago

মাজুলী-যোৰহাট দলঙৰ নিৰ্মাণ কাৰ্য উদ্বোধন কৰিলে মুখ্যমন্ত্রীয়ে

গুৱাহাটী,৩০ নবেম্বৰঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সোমবাৰে মাজুলীৰ দক্ষিণপাটত ৮.২৫ কিল’মিটাৰ দৈর্ঘ্যৰ মাজুলী-যোৰহাট দলঙৰ নিৰ্মাণ কাৰ্য আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।...

ড° হিমন্ত বিশ্ব শর্মা ড° হিমন্ত বিশ্ব শর্মা
অসম2 days ago

প্রশাসনিক পৰামৰ্শদাতা প্ৰতিষ্ঠান ‘সমগ্র’ৰ মুখ্য কাৰ্যবাহী বিষয়াৰে মুখ্যমন্ত্রীৰ বৈঠক

গুৱাহাটী,৩০ নবেম্বৰঃ গুৱাহাটীৰ কইনাধৰাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রশাসনিক পৰামৰ্শদাতা প্ৰতিষ্ঠান ‘সমগ্র’ৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ গোৱেলৰ...

পৰাগ আগৰৱাল পৰাগ আগৰৱাল
বিশ্ব2 days ago

টুইটাৰৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱাল

গুৱাহাটী,৩০ নবেম্বৰঃ মাইক্ৰ’ব্লগিং ছাইট টুইটাৰৰ সহ-প্ৰতিষ্ঠাপক জেক ডাৰ্চিয়ে কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াপদ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁৰ ঠাইত ভাৰতীয় বংশোদ্ভূত পৰাগ...

Trending