Connect with us

গুৱাহাটী

পশ্চিম গুৱাহাটীত পাঁচটা নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন

আধাৰশিলা স্থাপন

গুৱাহাটী,১১ নৱেম্বৰঃ পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সমষ্টিৰ উন্নয়নৰ বাবে শেহতীয়াকৈ ক’ভিড পৰিস্থিতি কিছু স্বাভাৱিক হোৱাৰ পাছত বিশেষ তৎপৰতা আৰম্ভ কৰিছে। আনকি ক’ভিডৰ বাবে আধৰুৱা হৈ থকা আঁচনি বা প্ৰকল্পসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পন্ন কৰিবলৈ যাবতীয় পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে আজি সমষ্টিটোৰ গ্ৰামাঞ্চলৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ আজাৰা গাঁও পঞ্চায়ত এলেকাত চতুৰ্দশ আৰু পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিৰে নিৰ্মাণ কৰিবলগীয়া পাঁচটা নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়।

আধাৰশিলা স্থাপন কৰা প্ৰকল্প কেইটা হৈছে ক্ৰমে – ১০ লাখ টকা পুঁজিৰ কেওটপাৰাৰ শ্ৰী শ্ৰীমনসা মন্দিৰৰ সামূহিক গৃহ, ২৩.৮০ লাখ টকা পুঁজিৰ গোঁসাইপাৰাত পানী পৰিবাহী নলা নিৰ্মাণ ঢাকনিৰ সৈতে, ১০ লাখ টকা পুঁজিৰ ঠাকুৰীয়াপাৰাত সামূহিক গৃহ নিৰ্মাণ, ১০.৫০ লাখ টকা পুঁজিৰ চকৰদৌত ভি আই পি পথৰ পৰা ফুলেশ্বৰী টেৰণৰ ঘৰৰ সন্মুখলৈ পথ নিৰ্মাণ আৰু ৯.৬০ লাখ টকা পুঁজিৰ চকৰদৌ প্ৰাথমিক বিদ্যালয়ৰ সীমাৰ দেৱাল নিৰ্মাণ। এইদৰে প্ৰায় ৬৪ লাখ টকাৰে নতুনকৈ নিৰ্মাণ কৰিবলগীয়া উন্নয়নমূলক কার্যৰ আধাৰশিলা  স্থাপন কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।

আনহাতে এই উপলক্ষে আয়োজিত সভাসমূহত ভাগ লৈ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই প্ৰতিটো নিৰ্মাণকার্য চলি থকা সময়ত অঞ্চলটোৰ ৰাইজক চকু ৰাখিবলৈ আহ্বান জনায় আৰু  আঁচনি অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত যাতে  সম্পন্ন হয় তাৰ কামনা কৰে। সভাত  ৰাণী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া লালৰেম চিয়ামী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিৰীক্ষণ কমিটিৰ সদস্য সুভাষ শৰ্মা, ৰামচাৰাণী জিলা পৰিষদৰ সদস্য শিখা নাথ চৌধুৰী, আজাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপী, সহকাৰী অভিযন্তা মণিকা ৰাজকোঁৱৰ, কনিষ্ঠ অভিযন্তা গণেশ দাস, সচিব মৃদুল দাস, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক প্ৰশান্ত মহন্ত, ৰাণী মণ্ডলৰ সভাপতি হৰকান্ত নাথকে ধৰি বিজেপিৰ কেবাজনো নেতা-কর্মী, অগপ নেতাদ্বয় পৰেশ বৰুৱা আৰু চন্দ্ৰধৰ দাসকে ধৰি কেবাজনো অগপ নেতা, আজাৰা গাঁও পঞ্চায়তৰ কেবাজনো সদস্য আৰু অঞ্চলটোৰ বহু বিশিষ্ট  লোক উপস্থিত আছিল।

গুৱাহাটী

গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব

কামৰূপ

গুৱাহাটী,১ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলাত ভেকচিন নোলোৱাকৈ এজনো লোক যাতে বাদ যাব নোৱাৰে তাৰ বাবে ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পৰ্যায়ৰ অভিযানত ভোট কেন্দ্ৰৰ ভোটাৰ ট্ৰেক কৰি সন্ধান বিচাৰি প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা লোৱা হৈছে।

দ্বিতীয় দিনা কামৰূপ মহানগৰ জিলাত ‘হৰ ঘৰ দস্তক’ৰ নীৰিক্ষক হিচাপে নিয়োজিত মুখ্য সচিব জিষ্ণু বৰুৱাই পাটৰকুছিৰ পাহাৰীয়া এলেকাত কেইজনমান লোকে ক’ভিড প্ৰতিষেধক ল’বলৈ দ্বিধাগ্ৰস্ত হৈ আছে বুলি জানিব পাৰি উপায়ুক্ত পল্লৱ গোপাল ঝা, অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ দাস, দিছপুৰৰ চক্ৰ বিষয়া (ভাৰপ্ৰাপ্ত) চিন্ময় নেওগ তথা চিকিংসক, স্বাস্থ্যকৰ্মীৰ সৈতে পাহাৰত বাস কৰা কেবাজনো ব্যক্তিক পুৱাতে ক’ভিড প্ৰতিষেধক প্ৰদান কৰোৱায়।

হেঙেৰাবাৰী ক’ভিড প্ৰতিষেধক কেন্দ্ৰৰ কাম-কাজ নীৰিক্ষণ কৰাৰ উপৰি মুখ্য সচিবগৰাকীয়ে বৰবাৰীস্থিত কেবাখনো দোকানত সোমাই কৰ্মচাৰীসকলৰ ক’ভিড প্ৰতিষেধক লোৱাৰ বিষয়ে সোধ-পোচ কৰাৰ উপৰি অঞ্চলৰটোৰ ঘৰত গৈ দীৱাংগসহ ২২ গৰাকী পুৰুষ-মহিলাক প্ৰথম পালি আৰু ২৪ গৰাকীক দ্বিতীয় পালি প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰে।

অনুৰূপ ধৰণে জিলাখনত নিয়োজিত আন এজন নিৰীক্ষক, সচিবালয়ৰ প্ৰশাসনিক বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্ননে আজি অতিৰিক্ত উপায়ুক্ত মুনীন্দ্ৰ বৰদলৈ, সোণাপুৰৰ চক্ৰ বিষয়া (সংলগ্ন) হিমাদ্ৰি বৰা আৰু স্বাস্থ্যকৰ্মীৰ সৈতে সোণাপুৰৰ ভড়াগাঁও, টেঘেৰিয়া, খমাৰ, কিলিং, টালনি আদি গাঁৱত গৈ মানুহৰ ঘৰত প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰে। সেইদৰে অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসে আজাৰা, গড়ল আদি স্থানত, ড° ধ্ৰুৱ জ্যোতি হাজৰিকাই জালুকবাৰী, পাণ্ডু, কামাখ্যা কলনি আৰু চাৰিওটা ৰাজহ চক্ৰত সংশ্লিষ্ট চক্ৰ বিষয়াসকলে ‘হৰ ঘৰ দস্তক’ কাৰ্যসূচীৰ তদাৰক কৰে।

Continue Reading

গুৱাহাটী

গুৱাহাটী টেক চিটীত হ’ব ষ্ট্ৰেটেজিক চাইবাৰ ইণ্টেলিজেন্স চেণ্টাৰ অব এক্সেলেন্স

চাইবাৰ ইণ্টেলিজেন্স

গুৱাহাটী,২৭ নৱেম্বৰঃ চাইবাৰ ছিকিউৰিটীৰ ক্ষেত্ৰত ক্ৰমবৰ্ধমান ভাবুকিৰে মোকাবিলা কৰিব পৰাকৈ অসমতো তথ্য-প্ৰযুক্তিৰ সুৰক্ষা কবচ শক্তিশালী কৰাৰ লগতে চাইবাৰ ছিকিউৰিটী বিশেষজ্ঞৰ দল বিকশিত কৰাৰ ভৱিষ্যদৰ্শী উদ্দেশ্যৰে ৰাজ্য চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগে গুৱাহাটী টেক চিটীত স্থাপন কৰিবলৈ লৈছে এটা ‘ষ্ট্ৰেটেজিক চাইবাৰ ইণ্টেলিজেন্স চেণ্টাৰ অব এক্সেলেন্স’।

তথ্য-প্ৰযুক্তি আধাৰিত বিত্তীয় তথা ব্যৱসায়িক সেৱা সুনিশ্চিতকাৰী বিশ্বৰ অগ্ৰণী বহুৰাষ্ট্ৰীয় প্ৰতিষ্ঠান ‘মাষ্টাৰকাৰ্ড এচিয়া পেচিফিক’ আৰু চাইবাৰ সুৰক্ষা পৰীক্ষণকাৰী সংস্থা ‘আই-ছেক ছিকিউৰিটী ছাৰ্ভিচেজ প্ৰাইভেট লিমিটেড’ৰ কাৰিকৰী সহযোগিতাত অসম চৰকাৰৰ অধীনৰ ‘আছাম ইলেকট্ৰনিকছ ডেভেল’পমেণ্ট ক’ৰ্পোৰেচন লিমিটেড’ (এমট্ৰন)-এ টেক চিটীত এই ষ্ট্ৰেটেজিক চাইবাৰ ইণ্টেলিজেন্স চেণ্টাৰটো বিকশিত কৰিব। এই সন্দৰ্ভত গুৱাহাটীত আজি ৰাজ্যৰ তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত তিনিওটা পক্ষৰ মাজত এখন বুজাবুজি চুক্তি সম্পাদিত হয়। এমট্ৰনৰ অধ্যক্ষ তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু ৰাজ্য চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগৰ সচিব তথা গুৱাহাটী বায়’টেক পাৰ্কৰ সঞ্চালক আকাশদীপে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত এমট্ৰনৰ হৈ পৰিচালন সঞ্চালক এম কে যাদৱ, মাষ্টাৰকাৰ্ড এছিয়া পেচিফিকৰ হৈ কোম্পানীটোৰ ভাৰতস্থ শীৰ্ষ কাৰ্যবাহী নিখিল চাহানী আৰু আই-ছেক ছিকিউৰিটী ছাৰ্ভিচেজৰ হৈ সঞ্চালিকা অমৃতা সিঙে বুজাবুজি চুক্তিখনত স্বাক্ষৰ কৰে।

এই ত্ৰিপাক্ষিক বুজাবুজি চুক্তিৰ জৰিয়তে গুৱাহাটী টেক চিটীত স্থাপন কৰিবলৈ লোৱা অত্যাধুনিক তথা বিশ্বমানৰ চাইবাৰ ছিকিউৰিটী চেণ্টাৰটোৰ দ্বাৰা ভৱিষ্যতে অসম তথা দেশৰ চাইবাৰ ছিকিৰিটী এক্সপাৰ্টাইজৰ চাহিদা পূৰাব পৰাকৈ চাইবাৰ সুৰক্ষা প্ৰযুক্তি বিকাশৰ লগতে উপযুক্ত মানৱসম্পদ (চাইবাৰ ছিকিউৰিটী স্পেচিয়েলিষ্ট) গঢ়ি তোলাৰ উপৰি ইয়াক দক্ষিণ-পূৱ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ বাবেও নিৰ্ভৰযোগ্য চাইবাৰ ছিকিউৰিটী এক্সপাৰ্টাইজৰ হাব ৰূপে প্ৰতিষ্ঠা কৰিবলৈ বিচৰা হৈছে বুলি অনুষ্ঠানত ৰাজ্যৰ তথ্য প্ৰযুক্তি মন্ত্ৰী মহন্তই উল্লেখ কৰে। বৰঝাৰৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নাতিদূৰৰ বঙৰাত ইতিমধ্যে ৰাজ্যৰ তথ্য-প্ৰযুক্তি বিভাগে স্থাপন কৰা টেক চিটীত এই চাইবাৰ ছিকিউৰিটীৰ চেণ্টাৰ অব এক্সেলেন্সৰ বাবে প্ৰয়োজনীয় আন্তঃগাঠনি সাজু হৈ থকা বুলিও তেওঁ প্ৰকাশ কৰে।

মন্ত্ৰী মহন্তই কয় যে চাইবাৰ নিৰাপত্তাৰ দিশত দিনে দিনে বিপদাশংকা-ভাবুকি বৃদ্ধি পাইছে। গতিকে আগন্তুক দিনত অসমেও এনে ভাবুকিৰে মোকাবিলা কৰিব পৰাকৈ পূৰ্ণ কাৰিকৰী সামৰ্থ আৰু বিশেষজ্ঞ মানৱসম্পদেৰে সাজু হৈ উঠিব পাৰিবই লাগিব। এই ষ্ট্ৰেটেজিক চাইবাৰ ইণ্টেলিজেন্স চেণ্টাৰে আগন্তুক দিনত অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগতে দেশৰ আন ৰাজ্য চৰকাৰসমূহ, ভাৰতৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, ভাৰতীয় কৰ্পোৰেট গোষ্ঠীক ক্ৰমবৰ্ধমান চাইবাৰ ছিকিউৰিটীৰ ভাবুকি প্ৰতিহত কৰিবলৈ প্ৰয়োজনীয় চাইবাৰ ইণ্টেলিজেন্স সেৱা উপলব্ধ কৰিব।

Continue Reading

গুৱাহাটী

কেবিনেটৰ সিদ্ধান্তক লৈ সৰৱ প্ৰদেশ কংগ্ৰেছ

প্ৰদেশ কংগ্ৰেছ

গুৱাহাটী,২৬ নবেম্বৰঃ অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটত অসম লোক সেৱা আয়োগৰ পৰীক্ষাত ভাষা বিষয়ক বাধ্যতামূলক প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্তই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। কেবিনেটৰ এই সিদ্ধ‍ন্তক চৰম দুৰ্ভাগ্যজনক আখ্যা দিছে প্ৰদেশ কংগ্ৰেছে। শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ভৰত চন্দ্ৰ নৰহে বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে। অসম লোক সেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষা প্ৰত্য‍াহাৰ কৰাৰ কেবিনেটৰ সিদ্ধান্ত বাতিল কৰাৰ বাবে চৰকাৰক ৭২ ঘণ্টাৰ সময়সীমা বান্ধি দিলে প্ৰদেশ কংগ্ৰেছে। লগতে জাতিদ্ৰোহী এই সিদ্ধ‍‍‍ান্ত গ্ৰহণৰ বাবে মুখ্যমন্ত্রীকে ধৰি মন্ত্রী পৰিষদক অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী জনালে প্ৰদেশ কংগ্ৰেছে।

সংবাদমেলত ভৰত নৰহে কয় যে বঙাইগাঁৱত চৰকাৰে কেবিনেট পাতি বহু সিদ্ধান্ত ল’লে ৷ তাৰে এ পি এছ চিৰ পৰীক্ষাৰ পৰা ভাষাৰ কাকত প্ৰত্যাহাৰ কৰা সিদ্ধান্ত অত্যন্ত দুৰ্ভাগ্যজনক। ইয়াৰ দ্বাৰা অসমীয়া ভাষাক চূড়ান্ত অপমান কৰা হৈছে। তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে অসমত অসমীয়া ক’ব নাজানিলে চাকৰি কৰিব নোৱাৰিব বুলি কৈছিল। কিন্তু এতিয়া এ পি এছ চি পৰীক্ষাৰ পৰা ভাষাই প্ৰত্যাহাৰ কৰিলে। কি কাৰনে চৰকাৰে এই হঠকাৰী আৰু ভাষা বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিলে সেই কথা ৰাইজক জনাওক। কাক সন্তুষ্ট কৰাৰ বাবে তথা কাৰ নিৰ্দেশত চৰকাৰখনে এই সিদ্ধান্ত গ্ৰহণ কৰিলে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে।

সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কয়-‘ বিজেপি চৰকাৰৰ ক্ষমতাই মূৰত ধৰিছে। আইৰ মুখৰ মাত কাঢ়ি নিব বিচাৰিছে ৷ মোৰ মাটি, মোৰ ভাষা উপেক্ষিত হ’ব ৷ বিষয়াৰ ভাষাক আমি শিকিব লাগিব ৷ কি যে দুৰ্ভাগ্যজনক কথা ৷ নাগপুৰে আমাৰ ভাষা-সাহিত্য আৰু আমাৰ সংস্কৃতিক গোগ্ৰাসে গিলিব আৰম্ব কৰিছে।’

তেওঁ লগতে কয় যে ১৫ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ গুৱ‍‍াহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ দলীয় কৰ্মীৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হ’ব। এই প্ৰশিক্ষণ কাৰ্যসূচীত ৰাহুল গান্ধীয়ে অংশগ্ৰহণ কৰিব। সংবাদমেলত দলৰ কেইবাজনো নেতা উপস্থিত আছিল।

Continue Reading

আপডেট খবর

প্ৰতিষ্ঠা দিৱস প্ৰতিষ্ঠা দিৱস
উত্তৰ-পূব2 years ago

নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

গুৱাহাটী,২ ডিচেম্বৰঃ নাগালেণ্ডৰ ৫৯ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস বুধবাৰে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাজধানী ক’হিমাৰ সচিবালয়ৰ প্লাজাৰ খেলপথাৰত অনুষ্ঠিত...

ৰৌণক আলী হাজৰিকা ৰৌণক আলী হাজৰিকা
অসম2 years ago

নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত...

পীযুষ হাজৰিকা পীযুষ হাজৰিকা
অসম2 years ago

জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ

গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে।...

চান্দা সংস্কৃতি চান্দা সংস্কৃতি
অসম2 years ago

চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ

গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই...

মহাবিদ্যালয় মহাবিদ্যালয়
অসম2 years ago

ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়

গুৱাহাটী,২ ডিচেম্বৰঃ সাত দিনৰ বাবে বন্ধ কৰা হ’ল সন্দিকৈ কন্যা মহাবিদ্যালয়। কেৱল বন্ধ কৰাই নহয়, মহাবিদ্যালয়খনক মাইক্ৰ’কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা...

কামৰূপ কামৰূপ
গুৱাহাটী2 years ago

গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব

গুৱাহাটী,১ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলাত ভেকচিন নোলোৱাকৈ এজনো লোক যাতে বাদ যাব নোৱাৰে তাৰ বাবে ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পৰ্যায়ৰ...

Trending