Connect with us

অসম

বহুলোকে অন্ধবিশ্বাস-অপপ্ৰচাৰৰ বাবে লোৱা নাই ক’ভিড ভেকচিন

অন্ধবিশ্বাস-অপপ্ৰচাৰ

গুৱাহাটী,১৩ নৱেম্বৰ : নৱেম্বৰৰ ভিতৰত ৰাজ্যৰ ১০০ শতাংশ যোগ্য লোকৰ প্ৰথম পালি ক’ভিড ভেকচিন প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে জোৰদাৰ প্ৰয়াস চলাইছে। এতিয়াও ক’ভিড প্ৰতিষেধক নোলোৱাকৈ থকা সকলো যোগ্য লোকক ক’ভিডৰ সুৰক্ষা কৱচস্বৰূপ প্ৰতিষেধক গ্ৰহণৰ বাবে উৎসাহী কৰি তোলাৰ উদ্দ্যেশে ধৰ্মগুৰু, খিলঞ্জীয়া পন্থাৰ নেতৃত্ব তথা স্থানীয় সামাজিক কৰ্মীসকলক বিশেষ উদ্যোগ ল’বলৈ আহ্বান জনাইছে ৰাজ্য চৰকাৰে।

এই সন্দৰ্ভত দিছপুৰৰ জনতা ভৱনত আজি সাতখন জিলাৰ থলুৱা লোক-বিশ্বাস অনুসৰণকাৰী পন্থাৰ প্ৰতিনিধি, খ্ৰীষ্টান ধৰ্মীয় নেতৃত্ব আৰু সামাজিক কৰ্মকৰ্তাৰ সৈতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু মুখ্য সচিব জিষ্ণু বৰুৱাই এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। কোকৰাঝাৰ, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, গোৱালপাৰা, ওদালগুৰি, শোণিতপুৰ আৰু কামৰূপ(মহানগৰ) জিলাৰ একুৰিৰো অধিক ধৰ্মীয় নেতা, থলুৱা পন্থাৰ প্ৰতিনিধি আৰু সামাজিক কৰ্মীয়ে এই বৈঠকত অংশগ্ৰহণ কৰে। স্বাস্থ্য বিভাগৰ সচিব সিদ্ধাৰ্থ সিং, এন এইচ এমৰ ৰাজ্যিক সঞ্চালক ডাঃ এছ লক্ষ্মনন, পৰিয়াল কল্যাণ সঞ্চালক মুনীন্দ্ৰনাথ নাটে আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ লগতে চাৰিখন জিলাৰ অতিৰিক্ত উপায়ুক্তই বৈঠকত অংশ গ্ৰহণ কৰে। বৈঠকত উক্ত জিলা কেইখনৰ লগতে ডিমা হাচাও, কাছাৰ, বাক্সা, দৰং আৰু চিৰাঙকে ধৰি কেইবাখনো জিলাৰ বহু ভিতৰুৱা, পাহাৰীয়া, সীমান্তৱৰ্তী তথা চাহ বাগিচা অঞ্চলৰ বহু অংশত এতিয়াও বেছিভাগ লোকেই ক’ভিড প্ৰতিষেধক ল’বলৈ অনিচ্ছুক হৈ ৰোৱাৰ কাৰকসমূহৰ বিষয়ে বিস্তাৰিত ভাৱে আলোচনা কৰা হয়।

বৈঠকত স্বাস্থ্যমন্ত্ৰী, মুখ্য সচিব, স্বাস্থ্য বিভাগৰ সচিব আৰু এন এইচ এমৰ ৰাজ্যিক সঞ্চালকে ক’ভিড প্ৰতিষেধক গ্ৰহণৰ জৰুৰী প্ৰয়োজনীয়তা আৰু উপযোগিতা সম্পৰ্কে সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে ৰাজ্যবাসীক ক’ভিড অতিমাৰীৰ পৰা সুৰক্ষিত কৰাৰ বাবে নৱেম্বৰৰ ভিতৰতে ৰাজ্যখনে এশ শতাংশ যোগ্য লোকক প্ৰথম পালি ক’ভিড প্ৰতিষেধক দি সম্পূৰ্ণ কৰিবলৈ চৰকাৰে লক্ষ্য নিৰ্দিষ্ট কৰাৰ বিষয়েও অৱগত কৰে। ইতিমধ্যে ৰাজ্যত ১৮ বছৰৰ ঊৰ্দ্ধৰ ২.০৪ কোটিৰো অধিক লোকে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাৰ বিপৰীতে এতিয়াও কোকৰাঝাৰ জিলাৰ কচুগাঁও, চৰাইবিল, শোণিতপুৰৰ ঢেকিয়াজুলী, গোৱালপাৰাৰ ৰঙাজুলি, পশ্চিম কাৰ্বি আংলঙৰ জিৰিকান্দিং, উমপাইনাইৰ লগতে গোৱালপাৰা আৰু ওদালগুৰিৰ বহু ভিতৰুৱা গাৰো গাঁও, বিটিআৰৰ ভুটান সীমাৱৰ্তী এলেকাত কেইবা হাজাৰ লোকে বিভিন্ন উৰা বাতৰি, অপপ্ৰচাৰ, অন্ধবিশ্বাস আদিৰ বাবে ক’ভিড প্ৰতিষেধককলৈ দ্বিধাগ্ৰস্ত আৰু অনিচ্ছুক হৈ আছে। জিলাকেইখনৰ এই অঞ্চলসমূহৰ বাসিন্দাসকলৰ মাজত ক’ভিড প্ৰতিষেধক গ্ৰহণৰ উপযোগিতাৰ বিষয়ে জনসজাগতা বৃদ্ধি আৰু ক’ভিড প্ৰতিষেধক সম্পৰ্কীয় উৰা বাতৰি-অপপ্ৰচাৰ আদিয়ে সৃষ্টি কৰা বিভ্ৰান্তি আঁতৰাই ৰাইজক প্ৰতিষেধক ল’বলৈ উৎসাহী কৰিবলৈ স্থানীয় গীৰ্জাঘৰ, থলুৱা পন্থাৰ প্ৰতিনিধি আৰু সামাজিক কৰ্মীসকলে জিলা প্ৰশাসনৰ সহযোগত ১৪ নৱেম্বৰৰ পৰাই সক্ৰিয়তাৰে উদ্যোগ ল’বলৈ স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যসচিবে জনোৱা আহ্বানলৈ বৈঠকত অংশগ্ৰহণকাৰী ধৰ্মীয় নেতা-প্ৰতিনিধিসকলে পূৰ্ণ সঁহাৰি জনায়।

এইক্ষেত্ৰত তেওঁলোকক সকলো ধৰণৰ সহযোগিতা আগবঢ়াবলৈ সংশ্লিষ্ট জিলাৰ উপায়ুক্ত আৰু স্বায়ত্ব পৰিষদৰ প্ৰধান সচিবসকলক আজিৰ ভিতৰতে মুখ্য সচিবে নিৰ্দেশনা আগবঢ়াব। জিলা উপায়ুক্তসকলে স্থানীয় ধৰ্মীয় নেতা-সামাজিক কৰ্মী আৰু বিশিষ্ট লোকৰ সহযোগত এনে গাঁও-অঞ্চলসমূহত বাসিন্দাসকলৰ মাজত ক’ভিড প্ৰতিষেধকক লৈ থকা দ্বিধাগ্ৰস্ততা আঁতৰোৱাৰ বাবে প্ৰয়োজনীয় কাৰ্যপৰিকল্পনা স্থিৰ কৰিব।

অসম

নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

ৰৌণক আলী হাজৰিকা

গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অসম আৰক্ষীৰ নিলম্বিত উপ-মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে থকা গোচৰৰ আজি চাৰ্জশ্বিট দাখিল কৰিলে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে।

৫৭ দিনৰ ভিতৰত তদন্তকাৰী বিষয়াই আদালতত ১৫৬ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰে। জানিব পৰা মতে অভিযোগনামাত ৰৌণক আলিৰ পত্নী নুছৰত ৰৌণক হাজৰিকাৰ নামো আছে। তদুপৰি কন্যালৈ বিভিন্ন একাউন্টেৰে ধনৰ লেনদেন কৰা ফৰিদ আলিৰ লগতে মাটি-বাৰীৰ বিষয়েও সন্নিবিষ্ট আছে অভিযোগনামাত। চাৰ্জশ্বিটত উল্লেখ থকা অনুসৰি ৰৌণক আলী হাজৰিকাৰ মুঠ সম্পত্তিৰ আয় বৰ্হিভূত সম্পত্তিৰ পৰিমাণ প্ৰায় ২১০ শতাংশ। মুঠ সম্পত্তিৰ মুল্য ৪ কোটি ৯৯ হাজাৰ ৫৯৭ টকা।

উল্লেখ্য যে বিভাগীয় কোনো অনুমতি নোলোৱাকৈয়ে ২০১১ চনৰ পৰা কেইবাবাৰো বিদেশ ভ্ৰমণ কৰাৰ বাবে জুলাই মাহত ৰাজ্য চৰকাৰে ৰৌণক আলী হাজৰিকাক নিলম্বন কৰাৰ পিছত ৫ অক্টোবৰত তেওঁক মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছিল।

Continue Reading

অসম

জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ

পীযুষ হাজৰিকা

গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে। জনতা ভৱনৰ নিজা কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষত বিভাগে কৰিবলগীয়া বিভিন্ন কামৰ খতিয়ান লয় আৰু সকলোকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰাৰ বাবে নিৰ্দেশ দিয়ে।

 বৈঠকতে মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ আঁচনিবোৰৰ বাবে প্ৰয়োজনীয় সকলো বিভাগীয় অনুমতিৰ কাম ক্ষীপ্ৰতাৰে কৰাৰ বাবে সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতেও টেলিফোনিক বাৰ্তালাপ কৰি তেওঁলোকক প্ৰয়োজনীয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। বিভাগটোক অধিক ৰূপত গতিশীল কৰি ডিচেম্বৰ মাহৰ ভিতৰতে চলিত বৰ্ষৰ সকলো কাম আৰম্ভ কৰাৰ বাবেও মন্ত্ৰীগৰাকীয়ে বিষয়া আৰু অভিযন্তাসকলক নিৰ্দেশ দিয়ে।

আনহাতে বানমুক্ত অসমৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জলসম্পদ বিভাগক ভালদৰে কাম কৰিবলৈ নিৰ্দেশ দিয়া বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বান নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিভাগটোক প্ৰয়োজনীয় সকলো সহযোগিতা আগবঢ়াই আহিছে। আনহাতে চৰকাৰী পুঁজিৰ সদব্যৱহাৰ কৰি নিয়াৰিকৈ কামবোৰ আগবঢ়াই নিবলৈ সকলোকে নিৰ্দেশ দি মন্ত্ৰীগৰাকীয়ে কামৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ’ব বুলিও উল্লেখ কৰে। বৈঠকত বিভাগীয় শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।

Continue Reading

অসম

চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ

চান্দা সংস্কৃতি

গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই আৰু ইয়াৰে অধিকাংশই চান্দা সংগ্ৰহক এটা সংস্কৃতিত পৰিণত কৰিছে। যাৰ বাবে এইক্ষেত্রত কঠোৰ হৈছে ৰাজ্য চৰকাৰ। চান্দা সংস্কৃতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে অসম ৰিয়েল ষ্টেট ইনফ্ৰাষ্টাকচাৰ ডেভলপাৰ্চ এছচিয়েচন চমুকৈ ‘এৰিডা’ই। এই সন্দৰ্ভত ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই কয়-‘ বছৰৰ পাছত বছৰ ধৰি চলি অহা বেআইনী চান্দা সংস্কৃতিৰ বিৰুদ্ধে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপক আমি স্বাগতম জনাইছো।

চান্দাৰ নামত বলপূৰ্বকভাৱে ধন সংগ্ৰহ কৰাটো একাংশ সংগঠনৰ বাবে ব্যৱসায়ত পৰিণত হৈছে।’ শৰ্মাই লগতে কয়-‘ এই চান্দা সংস্কৃতিয়ে অসমৰ ব্যৱসায়-বাণিজ্যৰ ক্ষেত্রখনত প্ৰভাৱ পেলাই আহিছে। ইয়াৰ বাবে ৰাজ্যখনত ব্যৱসায় কৰাটো বহুতৰে বাবে যথেষ্ট কষ্টকৰ হোৱাৰ উপৰি বিনিয়োগৰ ক্ষেত্রতো প্ৰভাৱ পৰিছিল। বিভিন্ন সংগঠনৰ চান্দাৰ হাৰাশান্তিৰ বাবেই বহুতে বিনিয়োগ কৰাৰ বাবে আগ্ৰহী হোৱা নাছিল।’ বিভিন্ন স‍মগ্ৰীৰ মূল্যবৃদ্ধিৰ আঁৰত চান্দা সংস্কৃতিৰ প্ৰভাৱ থকাৰ প্ৰসংগ উল্লেখ কৰি শৰ্মাই কয়-‘ চান্দাৰ অভাৱনীয় বোজা ব্যৱসায়ীয়ে মূল্যবৃদ্ধিৰ জৰিয়তে সাধাৰণ জনতাৰ ওপৰত জাপি দিবলৈ বাধ্য হয়।

ব্যৱসায়-বাণিজ্যৰ বিস্ত‍াৰ তথা বিনিয়োগৰ জৰিয়তে ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ বাবে এনে চান্দা সংস্কৃতি বন্ধ কৰাটো নিত্যান্তই প্ৰয়োজন।’ চৰকাৰৰ পদক্ষেপক আদৰণি জনাই শৰ্মাই ৰাজ্যজুৰি চান্দবাজিৰ বিৰুদ্ধে অভিযোগ দিয়াৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰাৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনায়।

Continue Reading

আপডেট খবর

প্ৰতিষ্ঠা দিৱস প্ৰতিষ্ঠা দিৱস
উত্তৰ-পূব2 years ago

নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

গুৱাহাটী,২ ডিচেম্বৰঃ নাগালেণ্ডৰ ৫৯ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস বুধবাৰে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাজধানী ক’হিমাৰ সচিবালয়ৰ প্লাজাৰ খেলপথাৰত অনুষ্ঠিত...

ৰৌণক আলী হাজৰিকা ৰৌণক আলী হাজৰিকা
অসম2 years ago

নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত...

পীযুষ হাজৰিকা পীযুষ হাজৰিকা
অসম2 years ago

জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ

গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে।...

চান্দা সংস্কৃতি চান্দা সংস্কৃতি
অসম2 years ago

চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ

গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই...

মহাবিদ্যালয় মহাবিদ্যালয়
অসম2 years ago

ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়

গুৱাহাটী,২ ডিচেম্বৰঃ সাত দিনৰ বাবে বন্ধ কৰা হ’ল সন্দিকৈ কন্যা মহাবিদ্যালয়। কেৱল বন্ধ কৰাই নহয়, মহাবিদ্যালয়খনক মাইক্ৰ’কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা...

কামৰূপ কামৰূপ
গুৱাহাটী2 years ago

গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব

গুৱাহাটী,১ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলাত ভেকচিন নোলোৱাকৈ এজনো লোক যাতে বাদ যাব নোৱাৰে তাৰ বাবে ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পৰ্যায়ৰ...

Trending