Connect with us

অসম

উত্তৰ পূর্বাঞ্চলত আয়ুস খণ্ডৰ উন্নয়নৰ বহুকেইটা পদক্ষেপ কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল

সৰ্বানন্দ সোণোৱাল

গুৱাহাটী,২০ নৱেম্বৰঃ বন্দৰ, জাহাজ, জলপথ আৰু আয়ুস বিভাগৰ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােনােৱালে আজি অৰুণাচল প্রদেশত আয়ুস খণ্ডৰ উন্নয়ণৰ বাবে গ্ৰহণ কৰা ভালেমান পদক্ষেপৰ কথা ঘােষণা কৰে। অৰুণাচল প্রদেশৰ পাচিঘাটস্থিত উত্তৰ পুব আয়ুর্বেদ আৰু লােক ঔষধি গৱেষণা প্রতিষ্ঠানত কেন্দ্রীয় মন্ত্রীজন আজি ৫৩.৭২ কোটি টকা বিনিয়ােগেৰে ইয়াৰ আন্তঃগাঁথনি উন্নয়নৰ পদক্ষেপ গ্রহণৰ কথা ঘােষণা কৰে। এই গৱেষণা প্রতিষ্ঠান প্রাংগনতে ৩০ খন আসনযুক্ত এখন নতুন আয়ুর্বেদিক মহাবিদ্যালয় আৰু ৬০ খন বিচনাযুক্ত এখন নতুন আয়ুর্বেদিক চিকিৎসালয় স্থাপনৰ পদক্ষেপ গ্রহণৰ কথাও তেওঁ ঘােষণা কৰে। লগতে এই প্রক্রিয়াৰে প্রত্যক্ষ ভাৱে অতিৰিক্ত ৮৬ টা নিয়ােগ সৃষ্টি হ’ব বুলি তেওঁ কয়। ভৱিষ্যতে এই স্থানত এটা শিক্ষায়তনিক গৃহ, এটা ছাত্রাবাস, এটা ছাত্রীবাস আৰু এটা ক্রীড়া গৃহ স্থাপন কৰাৰাে পৰিকল্পনা আছে বুলি তেওঁ সদৰি কৰে।

সংবাদ মাধ্যমক সম্বােধন কৰি কেন্দ্রীয় মন্ত্রী সােণােৱালে কয় যে উত্তৰ পূৰ্বাঞ্চলত লােক ঔষধৰ এক শক্তিশালী প্রচলন বৰ্ত্তি আছে। যাক বিজ্ঞানসন্মতভাৱে অথবা বৈদিক যুগৰ পৰাই প্রচলন হৈ অহা এই ঈশ্বৰ প্রদত্ত ঔষধ সমুহৰ সংৰক্ষণ আৰু শ্ৰীবৃদ্ধিৰ ব্যৱস্থা গ্ৰহণ কৰিব বিচৰা হৈছে বুলি তেওঁ কয়। ইয়াৰ বাবে এই অঞ্চলত এখন আয়ুর্বেদিক চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল স্থাপনৰ উদ্যোগ লবলৈ পাই আনন্দিত হোৱা বুলি সোণোৱালে উল্লেখ কৰে। তেওঁ কয়-‘ ইয়াৰ জৰিয়তে আমাৰ পৰম্পৰাগত ঔষধি জ্ঞান সমুহৰ বিকাশ হােৱাৰ লগতে আয়ুর্বেদিক প্রতিষ্ঠানখনে ইয়াৰ শ্ৰীবৃদ্ধিত বিশেষ উদগণি যােগাব।’

আয়ুস খণ্ডত উত্তৰ পূৰ্বাঞ্চলৰ বাবে গ্ৰহণ কৰা বিশেষ পদক্ষেপ সমুহৰ প্রসংগত সােনােৱালে কয় যে অঞ্চলটোত আয়ুর্বেদিক মহাবিদ্যালয়সমুহ শক্তিশালী কৰণৰ উপৰি আঞ্চলিক কেঁচা দৰব প্রস্ততকাৰী দ্ৰব্যৰ ভড়াল আৰু সংগ্রহালয়, আধুনিক বিশ্লেষণাত্মক সঁজুলিৰ সুবিধা আধুনিক পঞ্চকর্ম চিকিৎসা আৰু গৱেষণা কেন্দ্ৰ আৰু পেৰামেডিকেল শিক্ষণ কেন্দ্র স্থাপনৰাে পৰিকল্পনা গ্রহণ কৰা হৈছে। নতুনকৈ উত্তৰ পুব আয়ুর্বেদ আৰু লােক ঔষধী গৱেষণা প্রতিষ্ঠান হিচাপে নামাকৰণ কৰা উত্তৰ পুৱ লােক ঔষধি প্রতিষ্ঠান ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰালয়ৰ অধীনত এক স্বতন্ত্র প্রতিষ্ঠান।

প্রায় ৪০ হেক্টৰ ভূমিৰে আগুৰা এই প্রতিষ্ঠানটো ভাৰত চৰকাৰে ২০০৮ চনৰ ২১ ফেব্ৰুৱাৰীত কেন্দ্রীয় কেবিনেটত অনুমােদন জনাই স্থাপন কৰিছিল। প্রতিষ্ঠানটো উত্তৰ পূর্বাঞ্চলক বিশেষ প্রাধান্য প্রদানৰে দেশৰ লাভালাভৰ বাবে পৰম্পৰাগত স্বাস্থ্য সেৱাৰ উন্নয়নৰ বাবে স্থাপন কৰা হৈছিল। প্রতিষ্ঠানটোৱে শেহতীয়াভাৱে উত্তৰ পূবক গুৰুত্ব প্রদানেৰে বিশেষকৈ অৰুণাচলক কেন্দ্ৰ কৰি আয়ুর্বেদ পদ্ধতিৰ বিভিন্ন বিভাগসমুহৰ উন্নয়ন প্রকল্প গ্রহণ কৰিছে। এই পদক্ষেপ সমুহৰ ভিতৰত স্থানীয় স্বাস্থ্য বিধান, শুকনি জ্ঞান, পৰম্পৰাগত জ্ঞান সমূহৰ ভিত্তিত থেৰাপি জনিত দ্ৰব্যৰ উন্নয়ণ, আই পি আৰ আইনৰ জৰিয়তে পৰম্পৰাগত জ্ঞানৰ সুৰক্ষা, সংৰক্ষণ আৰু পৰম্পৰাগত পদ্ধতি সমুহৰ বহনক্ষম ব্যৱহাৰ আৰু জৈৱ বিভিন্নতা আদি অন্যতম।

অসম

নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

ৰৌণক আলী হাজৰিকা

গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অসম আৰক্ষীৰ নিলম্বিত উপ-মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে থকা গোচৰৰ আজি চাৰ্জশ্বিট দাখিল কৰিলে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে।

৫৭ দিনৰ ভিতৰত তদন্তকাৰী বিষয়াই আদালতত ১৫৬ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰে। জানিব পৰা মতে অভিযোগনামাত ৰৌণক আলিৰ পত্নী নুছৰত ৰৌণক হাজৰিকাৰ নামো আছে। তদুপৰি কন্যালৈ বিভিন্ন একাউন্টেৰে ধনৰ লেনদেন কৰা ফৰিদ আলিৰ লগতে মাটি-বাৰীৰ বিষয়েও সন্নিবিষ্ট আছে অভিযোগনামাত। চাৰ্জশ্বিটত উল্লেখ থকা অনুসৰি ৰৌণক আলী হাজৰিকাৰ মুঠ সম্পত্তিৰ আয় বৰ্হিভূত সম্পত্তিৰ পৰিমাণ প্ৰায় ২১০ শতাংশ। মুঠ সম্পত্তিৰ মুল্য ৪ কোটি ৯৯ হাজাৰ ৫৯৭ টকা।

উল্লেখ্য যে বিভাগীয় কোনো অনুমতি নোলোৱাকৈয়ে ২০১১ চনৰ পৰা কেইবাবাৰো বিদেশ ভ্ৰমণ কৰাৰ বাবে জুলাই মাহত ৰাজ্য চৰকাৰে ৰৌণক আলী হাজৰিকাক নিলম্বন কৰাৰ পিছত ৫ অক্টোবৰত তেওঁক মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছিল।

Continue Reading

অসম

জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ

পীযুষ হাজৰিকা

গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে। জনতা ভৱনৰ নিজা কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষত বিভাগে কৰিবলগীয়া বিভিন্ন কামৰ খতিয়ান লয় আৰু সকলোকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰাৰ বাবে নিৰ্দেশ দিয়ে।

 বৈঠকতে মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ আঁচনিবোৰৰ বাবে প্ৰয়োজনীয় সকলো বিভাগীয় অনুমতিৰ কাম ক্ষীপ্ৰতাৰে কৰাৰ বাবে সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতেও টেলিফোনিক বাৰ্তালাপ কৰি তেওঁলোকক প্ৰয়োজনীয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। বিভাগটোক অধিক ৰূপত গতিশীল কৰি ডিচেম্বৰ মাহৰ ভিতৰতে চলিত বৰ্ষৰ সকলো কাম আৰম্ভ কৰাৰ বাবেও মন্ত্ৰীগৰাকীয়ে বিষয়া আৰু অভিযন্তাসকলক নিৰ্দেশ দিয়ে।

আনহাতে বানমুক্ত অসমৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জলসম্পদ বিভাগক ভালদৰে কাম কৰিবলৈ নিৰ্দেশ দিয়া বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বান নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিভাগটোক প্ৰয়োজনীয় সকলো সহযোগিতা আগবঢ়াই আহিছে। আনহাতে চৰকাৰী পুঁজিৰ সদব্যৱহাৰ কৰি নিয়াৰিকৈ কামবোৰ আগবঢ়াই নিবলৈ সকলোকে নিৰ্দেশ দি মন্ত্ৰীগৰাকীয়ে কামৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ’ব বুলিও উল্লেখ কৰে। বৈঠকত বিভাগীয় শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।

Continue Reading

অসম

চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ

চান্দা সংস্কৃতি

গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই আৰু ইয়াৰে অধিকাংশই চান্দা সংগ্ৰহক এটা সংস্কৃতিত পৰিণত কৰিছে। যাৰ বাবে এইক্ষেত্রত কঠোৰ হৈছে ৰাজ্য চৰকাৰ। চান্দা সংস্কৃতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে অসম ৰিয়েল ষ্টেট ইনফ্ৰাষ্টাকচাৰ ডেভলপাৰ্চ এছচিয়েচন চমুকৈ ‘এৰিডা’ই। এই সন্দৰ্ভত ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই কয়-‘ বছৰৰ পাছত বছৰ ধৰি চলি অহা বেআইনী চান্দা সংস্কৃতিৰ বিৰুদ্ধে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপক আমি স্বাগতম জনাইছো।

চান্দাৰ নামত বলপূৰ্বকভাৱে ধন সংগ্ৰহ কৰাটো একাংশ সংগঠনৰ বাবে ব্যৱসায়ত পৰিণত হৈছে।’ শৰ্মাই লগতে কয়-‘ এই চান্দা সংস্কৃতিয়ে অসমৰ ব্যৱসায়-বাণিজ্যৰ ক্ষেত্রখনত প্ৰভাৱ পেলাই আহিছে। ইয়াৰ বাবে ৰাজ্যখনত ব্যৱসায় কৰাটো বহুতৰে বাবে যথেষ্ট কষ্টকৰ হোৱাৰ উপৰি বিনিয়োগৰ ক্ষেত্রতো প্ৰভাৱ পৰিছিল। বিভিন্ন সংগঠনৰ চান্দাৰ হাৰাশান্তিৰ বাবেই বহুতে বিনিয়োগ কৰাৰ বাবে আগ্ৰহী হোৱা নাছিল।’ বিভিন্ন স‍মগ্ৰীৰ মূল্যবৃদ্ধিৰ আঁৰত চান্দা সংস্কৃতিৰ প্ৰভাৱ থকাৰ প্ৰসংগ উল্লেখ কৰি শৰ্মাই কয়-‘ চান্দাৰ অভাৱনীয় বোজা ব্যৱসায়ীয়ে মূল্যবৃদ্ধিৰ জৰিয়তে সাধাৰণ জনতাৰ ওপৰত জাপি দিবলৈ বাধ্য হয়।

ব্যৱসায়-বাণিজ্যৰ বিস্ত‍াৰ তথা বিনিয়োগৰ জৰিয়তে ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ বাবে এনে চান্দা সংস্কৃতি বন্ধ কৰাটো নিত্যান্তই প্ৰয়োজন।’ চৰকাৰৰ পদক্ষেপক আদৰণি জনাই শৰ্মাই ৰাজ্যজুৰি চান্দবাজিৰ বিৰুদ্ধে অভিযোগ দিয়াৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰাৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনায়।

Continue Reading

আপডেট খবর

প্ৰতিষ্ঠা দিৱস প্ৰতিষ্ঠা দিৱস
উত্তৰ-পূব2 years ago

নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

গুৱাহাটী,২ ডিচেম্বৰঃ নাগালেণ্ডৰ ৫৯ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস বুধবাৰে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাজধানী ক’হিমাৰ সচিবালয়ৰ প্লাজাৰ খেলপথাৰত অনুষ্ঠিত...

ৰৌণক আলী হাজৰিকা ৰৌণক আলী হাজৰিকা
অসম2 years ago

নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত...

পীযুষ হাজৰিকা পীযুষ হাজৰিকা
অসম2 years ago

জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ

গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে।...

চান্দা সংস্কৃতি চান্দা সংস্কৃতি
অসম2 years ago

চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ

গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই...

মহাবিদ্যালয় মহাবিদ্যালয়
অসম2 years ago

ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়

গুৱাহাটী,২ ডিচেম্বৰঃ সাত দিনৰ বাবে বন্ধ কৰা হ’ল সন্দিকৈ কন্যা মহাবিদ্যালয়। কেৱল বন্ধ কৰাই নহয়, মহাবিদ্যালয়খনক মাইক্ৰ’কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা...

কামৰূপ কামৰূপ
গুৱাহাটী2 years ago

গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব

গুৱাহাটী,১ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলাত ভেকচিন নোলোৱাকৈ এজনো লোক যাতে বাদ যাব নোৱাৰে তাৰ বাবে ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পৰ্যায়ৰ...

Trending