গুৱাহাটী
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এদিনতে পাব পৰীক্ষাৰ ৰিপ’ৰ্ট

গুৱাহাটী,২১ নৱেম্বৰঃ অতি শীঘ্ৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত মাইক্ৰ’ বায়’লজী, পেথ’লজী, ৰেডিঅ’লজী আদি বিভিন্ন বিভাগৰ অধীনত কৰা পৰীক্ষাৰ প্ৰতিবেদন একেদিনাই লাভ কৰিবলৈ সক্ষম হ’ব ৰোগীৰ অভিভাৱকে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ নিৰ্দেশত জি এম চি এইচত এম আৰ আই, চি টি স্কেন, এক্স-ৰে আৰু আল্ট্ৰা ছাউণ্ডৰ ৰিপ’ৰ্ট এদিনতে দিয়াটো সুনিশ্চিত কৰিবলৈ প্ৰয়োজনীয় জৰুৰী কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই।
তদুপৰি সোমবাৰৰ পৰাই জি এম চি এইচত এম আৰ আই, চি টি স্কেন, এক্স-ৰে আৰু আল্ট্ৰা ছাউণ্ডৰ দৈনিক পৰীক্ষাৰ সংখ্যাও বৰ্তমানতকৈ প্ৰায় দুগুণলৈ বৃদ্ধি পাব। ৰাজ্যৰ এই শীৰ্ষস্থানীয় চিকিৎসালয়খনত প্ৰতিদিনে চিটি স্কেন, এম আৰ আই, আল্ট্ৰা ছাউণ্ড, এক্স ৰে’ কৰিবলৈ অহা ৰোগীসকলৰ একাংশই পৰীক্ষাৰ সুবিধাই নোপোৱাকৈ ঘূৰি যাব লগা হোৱাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ জি এম চিএইচ কৰ্তৃপক্ষক দৈনিক পৰীক্ষণ সামৰ্থ তাৎক্ষণিক ভাৱে বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে।
সেইমতে ২২ নৱেম্বৰৰ পৰাই জি এম চি এইচত কমেও ৫৫ গৰাকী ৰোগীৰ এম আৰ আই, জৰুৰীকালীন সেৱা বিভাগৰ চিটি স্কেন যন্ত্ৰৰ বাদে আন তিনিটা চিটি স্কেন যন্ত্ৰৰ জৰিয়তে ন্যূনতম ১৩৫ গৰাকীকৈ ৰোগী, ছুপাৰ স্পেচিয়েলিটী হস্পিতালৰ এক্স-ৰে যন্ত্ৰ বাদে আভ্যন্তৰিণ আৰু জৰুৰী শাখাৰ এক্স-ৰে যন্ত্ৰৰ জৰিয়তে ৩১০ গৰাকীকৈ ৰোগীৰ এক্স-ৰে আৰু তিনিটা নিয়মীয়া আল্ট্ৰা ছাউণ্ড যন্ত্ৰ জৰিয়তে ১৫০ গৰাকী, ড’প্লাৰ আল্ট্ৰা ছাউণ্ড যন্ত্ৰৰে ১০০গৰাকী আৰু বায়’স্পি আল্ট্ৰা ছাউণ্ড যন্ত্ৰৰে ২০ গৰাকীকৈ ৰোগীৰ দৈনিক পৰীক্ষা কৰিব পৰাকৈ সামৰ্থ বৃদ্ধি কৰা হৈছে। ইয়াৰ বাবে পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈকে দুটা পৰ্যায়ত পৰীক্ষণ কাৰ্য সম্পন্ন কৰাৰ ব্যৱস্থা কৰাৰ লগতে লেবৰীটেৰী টেকনিচিয়ান তথা কাৰিকৰী কৰ্মচাৰীৰ সংখ্যাও বৃদ্ধি কৰা হৈছে।
এই বিষয়ত চিকিৎসালয় কৰ্তৃপক্ষই লোৱা ব্যৱস্থাৱলীৰ বুজ লোৱাৰ বাবে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি জি এম চি এইচত উপস্থিত হৈ এম আৰ আই, চিটি স্কেন, এক্স-ৰে আৰু আল্ট্ৰা ছাউণ্ড পৰীক্ষাগাৰ পৰিদৰ্শন কৰে। বিভাগীয় মন্ত্ৰীগৰাকীয়ে পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্য, জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিত শৰ্মা, উপ চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ চৌধুৰীৰ লগতে জি এম চি এইচৰ পেথ’লজী, মাইক্ৰ’ বায়’লজী, ৰেডিঅ’লজী আদি বিভাগৰ মূৰব্বী অধ্যাপক তথা তত্বাৱধায়ক আৰু জ্যেষ্ঠ লেবৰেটৰী টেকনিচিয়ান-নাৰ্ছৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত জি এম চি এইচত এম আৰ আই, চিটি স্কেন, এক্স-ৰে আৰু আল্ট্ৰা ছাউণ্ডৰ দৈনিক পৰীক্ষণ সামৰ্থ বৃদ্ধিৰ লগতে এদিনতে পৰীক্ষা প্ৰতিবেদন ৰোগীৰ অভিভাৱকে লাভ কৰাটো সুনিশ্চিত কৰিবলৈ লোৱা জৰুৰী কাৰ্যব্যৱস্থা সন্দৰ্ভত পুংখানুপুংখভাৱে পৰ্যালোচনা কৰা হয়।

ইফালে স্বাস্থ্যমন্ত্ৰী মহন্তই আজি জি এম চি এইচৰ ছুপাৰ স্পেচিয়েলিটী হস্পিতালৰ নৱনিৰ্মিত ভৱনো পৰিদৰ্শন কৰে। ৰাজ্যৰ স্বাস্থ্য বিভাগৰ আয়ুক্ত-সচিব সিদ্ধাৰ্থ সিং, এন এইচ এমৰ ৰাজ্যিক সঞ্চালক ডাঃ এছ লক্ষ্মনন, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মন, উপ সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্য, জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মা, ছুপাৰ স্পেচিয়েলিটী হস্পিতালৰ কাৰ্ডিঅ’-নিউৰ’ চেণ্টাৰৰ সঞ্চালক ডাঃ বসন্ত বৈশ্যৰ সৈতে নৱনিৰ্মিত হস্পিতালখনৰ প্ৰতিটো বিভাগ পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে। উল্লেখ্য যে জানুৱাৰীৰ প্ৰথম ভাগতে নৱনিৰ্মিত জি এম চি ছুপাৰ স্পেচিয়েলিটী হস্পিতাল আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হ’ব।
গুৱাহাটী
গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব

গুৱাহাটী,১ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলাত ভেকচিন নোলোৱাকৈ এজনো লোক যাতে বাদ যাব নোৱাৰে তাৰ বাবে ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পৰ্যায়ৰ অভিযানত ভোট কেন্দ্ৰৰ ভোটাৰ ট্ৰেক কৰি সন্ধান বিচাৰি প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা লোৱা হৈছে।
দ্বিতীয় দিনা কামৰূপ মহানগৰ জিলাত ‘হৰ ঘৰ দস্তক’ৰ নীৰিক্ষক হিচাপে নিয়োজিত মুখ্য সচিব জিষ্ণু বৰুৱাই পাটৰকুছিৰ পাহাৰীয়া এলেকাত কেইজনমান লোকে ক’ভিড প্ৰতিষেধক ল’বলৈ দ্বিধাগ্ৰস্ত হৈ আছে বুলি জানিব পাৰি উপায়ুক্ত পল্লৱ গোপাল ঝা, অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ দাস, দিছপুৰৰ চক্ৰ বিষয়া (ভাৰপ্ৰাপ্ত) চিন্ময় নেওগ তথা চিকিংসক, স্বাস্থ্যকৰ্মীৰ সৈতে পাহাৰত বাস কৰা কেবাজনো ব্যক্তিক পুৱাতে ক’ভিড প্ৰতিষেধক প্ৰদান কৰোৱায়।
হেঙেৰাবাৰী ক’ভিড প্ৰতিষেধক কেন্দ্ৰৰ কাম-কাজ নীৰিক্ষণ কৰাৰ উপৰি মুখ্য সচিবগৰাকীয়ে বৰবাৰীস্থিত কেবাখনো দোকানত সোমাই কৰ্মচাৰীসকলৰ ক’ভিড প্ৰতিষেধক লোৱাৰ বিষয়ে সোধ-পোচ কৰাৰ উপৰি অঞ্চলৰটোৰ ঘৰত গৈ দীৱাংগসহ ২২ গৰাকী পুৰুষ-মহিলাক প্ৰথম পালি আৰু ২৪ গৰাকীক দ্বিতীয় পালি প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰে।
অনুৰূপ ধৰণে জিলাখনত নিয়োজিত আন এজন নিৰীক্ষক, সচিবালয়ৰ প্ৰশাসনিক বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্ননে আজি অতিৰিক্ত উপায়ুক্ত মুনীন্দ্ৰ বৰদলৈ, সোণাপুৰৰ চক্ৰ বিষয়া (সংলগ্ন) হিমাদ্ৰি বৰা আৰু স্বাস্থ্যকৰ্মীৰ সৈতে সোণাপুৰৰ ভড়াগাঁও, টেঘেৰিয়া, খমাৰ, কিলিং, টালনি আদি গাঁৱত গৈ মানুহৰ ঘৰত প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰে। সেইদৰে অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসে আজাৰা, গড়ল আদি স্থানত, ড° ধ্ৰুৱ জ্যোতি হাজৰিকাই জালুকবাৰী, পাণ্ডু, কামাখ্যা কলনি আৰু চাৰিওটা ৰাজহ চক্ৰত সংশ্লিষ্ট চক্ৰ বিষয়াসকলে ‘হৰ ঘৰ দস্তক’ কাৰ্যসূচীৰ তদাৰক কৰে।
গুৱাহাটী
গুৱাহাটী টেক চিটীত হ’ব ষ্ট্ৰেটেজিক চাইবাৰ ইণ্টেলিজেন্স চেণ্টাৰ অব এক্সেলেন্স

গুৱাহাটী,২৭ নৱেম্বৰঃ চাইবাৰ ছিকিউৰিটীৰ ক্ষেত্ৰত ক্ৰমবৰ্ধমান ভাবুকিৰে মোকাবিলা কৰিব পৰাকৈ অসমতো তথ্য-প্ৰযুক্তিৰ সুৰক্ষা কবচ শক্তিশালী কৰাৰ লগতে চাইবাৰ ছিকিউৰিটী বিশেষজ্ঞৰ দল বিকশিত কৰাৰ ভৱিষ্যদৰ্শী উদ্দেশ্যৰে ৰাজ্য চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগে গুৱাহাটী টেক চিটীত স্থাপন কৰিবলৈ লৈছে এটা ‘ষ্ট্ৰেটেজিক চাইবাৰ ইণ্টেলিজেন্স চেণ্টাৰ অব এক্সেলেন্স’।
তথ্য-প্ৰযুক্তি আধাৰিত বিত্তীয় তথা ব্যৱসায়িক সেৱা সুনিশ্চিতকাৰী বিশ্বৰ অগ্ৰণী বহুৰাষ্ট্ৰীয় প্ৰতিষ্ঠান ‘মাষ্টাৰকাৰ্ড এচিয়া পেচিফিক’ আৰু চাইবাৰ সুৰক্ষা পৰীক্ষণকাৰী সংস্থা ‘আই-ছেক ছিকিউৰিটী ছাৰ্ভিচেজ প্ৰাইভেট লিমিটেড’ৰ কাৰিকৰী সহযোগিতাত অসম চৰকাৰৰ অধীনৰ ‘আছাম ইলেকট্ৰনিকছ ডেভেল’পমেণ্ট ক’ৰ্পোৰেচন লিমিটেড’ (এমট্ৰন)-এ টেক চিটীত এই ষ্ট্ৰেটেজিক চাইবাৰ ইণ্টেলিজেন্স চেণ্টাৰটো বিকশিত কৰিব। এই সন্দৰ্ভত গুৱাহাটীত আজি ৰাজ্যৰ তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত তিনিওটা পক্ষৰ মাজত এখন বুজাবুজি চুক্তি সম্পাদিত হয়। এমট্ৰনৰ অধ্যক্ষ তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু ৰাজ্য চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগৰ সচিব তথা গুৱাহাটী বায়’টেক পাৰ্কৰ সঞ্চালক আকাশদীপে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত এমট্ৰনৰ হৈ পৰিচালন সঞ্চালক এম কে যাদৱ, মাষ্টাৰকাৰ্ড এছিয়া পেচিফিকৰ হৈ কোম্পানীটোৰ ভাৰতস্থ শীৰ্ষ কাৰ্যবাহী নিখিল চাহানী আৰু আই-ছেক ছিকিউৰিটী ছাৰ্ভিচেজৰ হৈ সঞ্চালিকা অমৃতা সিঙে বুজাবুজি চুক্তিখনত স্বাক্ষৰ কৰে।
এই ত্ৰিপাক্ষিক বুজাবুজি চুক্তিৰ জৰিয়তে গুৱাহাটী টেক চিটীত স্থাপন কৰিবলৈ লোৱা অত্যাধুনিক তথা বিশ্বমানৰ চাইবাৰ ছিকিউৰিটী চেণ্টাৰটোৰ দ্বাৰা ভৱিষ্যতে অসম তথা দেশৰ চাইবাৰ ছিকিৰিটী এক্সপাৰ্টাইজৰ চাহিদা পূৰাব পৰাকৈ চাইবাৰ সুৰক্ষা প্ৰযুক্তি বিকাশৰ লগতে উপযুক্ত মানৱসম্পদ (চাইবাৰ ছিকিউৰিটী স্পেচিয়েলিষ্ট) গঢ়ি তোলাৰ উপৰি ইয়াক দক্ষিণ-পূৱ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ বাবেও নিৰ্ভৰযোগ্য চাইবাৰ ছিকিউৰিটী এক্সপাৰ্টাইজৰ হাব ৰূপে প্ৰতিষ্ঠা কৰিবলৈ বিচৰা হৈছে বুলি অনুষ্ঠানত ৰাজ্যৰ তথ্য প্ৰযুক্তি মন্ত্ৰী মহন্তই উল্লেখ কৰে। বৰঝাৰৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নাতিদূৰৰ বঙৰাত ইতিমধ্যে ৰাজ্যৰ তথ্য-প্ৰযুক্তি বিভাগে স্থাপন কৰা টেক চিটীত এই চাইবাৰ ছিকিউৰিটীৰ চেণ্টাৰ অব এক্সেলেন্সৰ বাবে প্ৰয়োজনীয় আন্তঃগাঠনি সাজু হৈ থকা বুলিও তেওঁ প্ৰকাশ কৰে।
মন্ত্ৰী মহন্তই কয় যে চাইবাৰ নিৰাপত্তাৰ দিশত দিনে দিনে বিপদাশংকা-ভাবুকি বৃদ্ধি পাইছে। গতিকে আগন্তুক দিনত অসমেও এনে ভাবুকিৰে মোকাবিলা কৰিব পৰাকৈ পূৰ্ণ কাৰিকৰী সামৰ্থ আৰু বিশেষজ্ঞ মানৱসম্পদেৰে সাজু হৈ উঠিব পাৰিবই লাগিব। এই ষ্ট্ৰেটেজিক চাইবাৰ ইণ্টেলিজেন্স চেণ্টাৰে আগন্তুক দিনত অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগতে দেশৰ আন ৰাজ্য চৰকাৰসমূহ, ভাৰতৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, ভাৰতীয় কৰ্পোৰেট গোষ্ঠীক ক্ৰমবৰ্ধমান চাইবাৰ ছিকিউৰিটীৰ ভাবুকি প্ৰতিহত কৰিবলৈ প্ৰয়োজনীয় চাইবাৰ ইণ্টেলিজেন্স সেৱা উপলব্ধ কৰিব।
গুৱাহাটী
কেবিনেটৰ সিদ্ধান্তক লৈ সৰৱ প্ৰদেশ কংগ্ৰেছ

গুৱাহাটী,২৬ নবেম্বৰঃ অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটত অসম লোক সেৱা আয়োগৰ পৰীক্ষাত ভাষা বিষয়ক বাধ্যতামূলক প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্তই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। কেবিনেটৰ এই সিদ্ধন্তক চৰম দুৰ্ভাগ্যজনক আখ্যা দিছে প্ৰদেশ কংগ্ৰেছে। শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ভৰত চন্দ্ৰ নৰহে বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে। অসম লোক সেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষা প্ৰত্যাহাৰ কৰাৰ কেবিনেটৰ সিদ্ধান্ত বাতিল কৰাৰ বাবে চৰকাৰক ৭২ ঘণ্টাৰ সময়সীমা বান্ধি দিলে প্ৰদেশ কংগ্ৰেছে। লগতে জাতিদ্ৰোহী এই সিদ্ধান্ত গ্ৰহণৰ বাবে মুখ্যমন্ত্রীকে ধৰি মন্ত্রী পৰিষদক অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী জনালে প্ৰদেশ কংগ্ৰেছে।
সংবাদমেলত ভৰত নৰহে কয় যে বঙাইগাঁৱত চৰকাৰে কেবিনেট পাতি বহু সিদ্ধান্ত ল’লে ৷ তাৰে এ পি এছ চিৰ পৰীক্ষাৰ পৰা ভাষাৰ কাকত প্ৰত্যাহাৰ কৰা সিদ্ধান্ত অত্যন্ত দুৰ্ভাগ্যজনক। ইয়াৰ দ্বাৰা অসমীয়া ভাষাক চূড়ান্ত অপমান কৰা হৈছে। তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে অসমত অসমীয়া ক’ব নাজানিলে চাকৰি কৰিব নোৱাৰিব বুলি কৈছিল। কিন্তু এতিয়া এ পি এছ চি পৰীক্ষাৰ পৰা ভাষাই প্ৰত্যাহাৰ কৰিলে। কি কাৰনে চৰকাৰে এই হঠকাৰী আৰু ভাষা বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিলে সেই কথা ৰাইজক জনাওক। কাক সন্তুষ্ট কৰাৰ বাবে তথা কাৰ নিৰ্দেশত চৰকাৰখনে এই সিদ্ধান্ত গ্ৰহণ কৰিলে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে।
সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কয়-‘ বিজেপি চৰকাৰৰ ক্ষমতাই মূৰত ধৰিছে। আইৰ মুখৰ মাত কাঢ়ি নিব বিচাৰিছে ৷ মোৰ মাটি, মোৰ ভাষা উপেক্ষিত হ’ব ৷ বিষয়াৰ ভাষাক আমি শিকিব লাগিব ৷ কি যে দুৰ্ভাগ্যজনক কথা ৷ নাগপুৰে আমাৰ ভাষা-সাহিত্য আৰু আমাৰ সংস্কৃতিক গোগ্ৰাসে গিলিব আৰম্ব কৰিছে।’
তেওঁ লগতে কয় যে ১৫ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ দলীয় কৰ্মীৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হ’ব। এই প্ৰশিক্ষণ কাৰ্যসূচীত ৰাহুল গান্ধীয়ে অংশগ্ৰহণ কৰিব। সংবাদমেলত দলৰ কেইবাজনো নেতা উপস্থিত আছিল।
-
অসম2 years ago
জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ
-
অসম2 years ago
চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ
-
উত্তৰ-পূব2 years ago
নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
-
অসম2 years ago
নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল
-
গুৱাহাটী2 years ago
গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব
-
অসম2 years ago
ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়
-
ভাৰত2 years ago
কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত মতান্তৰ
-
উত্তৰ-পূব2 years ago
মণিপুৰত ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ, জব্দ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ