অসম
শিল-বালিৰ বিশাল অবৈধ ব্যৱসায়ৰ বাবে চৰকাৰে হেৰুৱাইছে বুজন পৰিমাণৰ ৰাজহ

গুৱাহাটী,২২ নৱেম্বৰঃ শিল-বালিৰ পৰা সংগৃহীত ৰাজহৰ পৰিমাণ বৃদ্ধি কৰিবলৈ ৰাজ্য চৰকাৰে নতুন পদক্ষেপ লােৱাৰ পাছতাে অনিয়ম-দুর্নীতি অঞ্চলবিশেষে এতিয়াও অব্যাহত আছে। বিশেষকৈ বৰাক উপত্যকা আৰু কাৰ্বি আংলঙত এতিয়াও অনিয়মেই নিয়ম হৈ আছে। উল্লেখযােগ্য বন বিভাগৰ অধীনত থকা শিল-বালি আদিৰ ব্যাৱসায়িক প্রক্রিয়াটো ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰে খনি আৰু খনিজাত সামগ্রী বিভাগৰ অধীনলৈ নিয়াৰ সিদ্ধান্ত লৈছিল। বিভাগ সলনি কৰি শিল-বালিৰ পৰা ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।
১৮০০ কোটি টকাৰ পৰা ৫০০০ কোটি টকালৈ বছৰি ৰাজহ সংগ্রহ বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা হৈছিল। এই সিদ্ধান্ত গ্রহণৰ দীর্ঘ সময় অতিক্রম হােৱাৰ পাছতাে কিন্তু শিল-বালিৰ ব্যৱসায়ৰ নামত অনিয়ম সংঘটিত হৈ থকাৰ অভিযােগ উঠিছে। চৰকাৰক নির্ধাৰিত হাৰত ৰাজহ আদায় নিদিয়াকৈ একাংশ ব্যৱসায়ীয়ে কাৰ্বি আংলঙৰ বিভিন্ন স্থানৰ পৰা নগালেণ্ডলৈ দিনে-নিশাই শিল-বালি কঢ়িয়াই আছে। কার্বি স্বায়ত্তশাসিত পৰিষদৰ বিষয়ববীয়াৰ বুজাবুজি কৰি একাংশ ব্যৱসায়ীয়ে নীতিবহির্ভূতভাৱে শিল-বালিৰ ব্যৱসায় চলাই আছে। এই ব্যৱসায়ত কাৰ্বি আংলঙৰ একালৰ সশস্ত্র বিপ্লৱীৰ লগতে নগালেণ্ডৰ এন এছ চি এন জড়িত থকাৰ অভিযােগ উঠি আহিছে। জানিব পৰা মতে কাৰ্বি আংলঙৰ পৰা চলি থকা শিল-বালিৰ ব্যৱসায়ত এন এছ চি এনে বুজন পৰিমাণৰ ধন বিনিয়ােগ কৰিছে।
যিহেতু ডিমাপুৰকে ধৰি নগালেণ্ডৰ পার্শ্ববর্তী অঞ্চলসমূহ কাৰ্বি আংলঙৰ শিল-বালিৰ ওপৰত নিৰ্ভৰশীল, সেয়ে ইয়াক লৈ এন এছ চি এনে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ একাংশ বিষয়ববীয়াৰ লগত বুজাবুজি কৰি ব্যৱসায় চলাই আছে। য’ত নীতিবহির্ভূতভাবে চলি থকা এই ব্যৱসায়ৰ ফলত অসম চৰকাৰে বুজন পৰিমাণৰ ৰাজহ হেৰুৱাই আহিছে। পাহাৰীয়া জিলাখনত কেৱল শিল-বালিৰ নামত অবৈধভাৱে ব্যৱসায় চলি থকাই নহয়, অবৈধভাৱে কাঠৰ ব্যৱসায়ো চলি আছে। ৰাজ্যৰ পৰিৱৰ্তনকামী চৰকাৰখনে এই সকলাে দেখিও এতিয়া অঞ্চলবিশেষে নীৰৱ ভূমিকা গ্ৰহণ কৰিছে। কাৰ্বি আংলঙৰ লগতে বৰাক উপত্যকাতাে খনিজাত সামগ্ৰীৰ ব্যৱসায়ৰ নামত ব্যাপক লুণ্ঠন অব্যাহত আছে।
বৰাক উপত্যকা হৈ চুবুৰীয়া ৰাষ্ট্র বাংলাদেশলৈ দিনে-নিশাই গৈ আছে চূণশিলৰ ট্রাক। প্রতিদিনে এশৰ পৰা প্ৰায় ডেৰশখন চূণশিলৰ ট্রাক কৰিমগঞ্জ সীমান্তৰে বাংলাদেশত প্ৰৱেশ কৰে। বৰাকত পূর্বতে কয়লাৰ ব্যৱসায়ত জড়িত লােকসকল এতিয়া এই চুণশিলৰ ব্যৱসায়ত জড়িত হৈছে। জানিব পৰা মতে, মেঘালয়ৰ পৰা অসমৰ মাজেৰে সৰবৰাহ চূণশিলৰ নামত অসমে কোনাে ধৰণৰ ৰাজহ লাভ নকৰে। আনকি গে’টসমূহতাে বিশেষ তালাচী অবিহনে চূণশিলৰ ট্রাকসমূহ পাৰ হ’বলৈ সুযােগ দিয়া হৈছে। প্ৰাপ্ত তথ্য মতে চলিত মাহত পৰা কয়লাৰ ক’লা ব্যৱসায় আৰম্ভ কৰিবৰ বাবেও বৰাকত কুচকাবাজ আৰম্ভ হৈছে। এজন সাংসদ আৰু এজন বিধায়কে কয়লা ছিণ্ডিকেটৰ নেতৃত্ব লােৱাৰ অভিযােগ উঠিছে আৰু শাসক পক্ষৰ ৰাজনৈতিক নেতা এই ছিণ্ডিকেটত জড়িত হােৱাত বৰাকত ন ৰূপত অবৈধ ব্যৱসায় গঢ় লােৱাটো স্পষ্ট হৈছে।
অসম
নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অসম আৰক্ষীৰ নিলম্বিত উপ-মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে থকা গোচৰৰ আজি চাৰ্জশ্বিট দাখিল কৰিলে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে।
৫৭ দিনৰ ভিতৰত তদন্তকাৰী বিষয়াই আদালতত ১৫৬ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰে। জানিব পৰা মতে অভিযোগনামাত ৰৌণক আলিৰ পত্নী নুছৰত ৰৌণক হাজৰিকাৰ নামো আছে। তদুপৰি কন্যালৈ বিভিন্ন একাউন্টেৰে ধনৰ লেনদেন কৰা ফৰিদ আলিৰ লগতে মাটি-বাৰীৰ বিষয়েও সন্নিবিষ্ট আছে অভিযোগনামাত। চাৰ্জশ্বিটত উল্লেখ থকা অনুসৰি ৰৌণক আলী হাজৰিকাৰ মুঠ সম্পত্তিৰ আয় বৰ্হিভূত সম্পত্তিৰ পৰিমাণ প্ৰায় ২১০ শতাংশ। মুঠ সম্পত্তিৰ মুল্য ৪ কোটি ৯৯ হাজাৰ ৫৯৭ টকা।
উল্লেখ্য যে বিভাগীয় কোনো অনুমতি নোলোৱাকৈয়ে ২০১১ চনৰ পৰা কেইবাবাৰো বিদেশ ভ্ৰমণ কৰাৰ বাবে জুলাই মাহত ৰাজ্য চৰকাৰে ৰৌণক আলী হাজৰিকাক নিলম্বন কৰাৰ পিছত ৫ অক্টোবৰত তেওঁক মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছিল।
অসম
জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ

গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে। জনতা ভৱনৰ নিজা কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষত বিভাগে কৰিবলগীয়া বিভিন্ন কামৰ খতিয়ান লয় আৰু সকলোকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰাৰ বাবে নিৰ্দেশ দিয়ে।
বৈঠকতে মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ আঁচনিবোৰৰ বাবে প্ৰয়োজনীয় সকলো বিভাগীয় অনুমতিৰ কাম ক্ষীপ্ৰতাৰে কৰাৰ বাবে সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতেও টেলিফোনিক বাৰ্তালাপ কৰি তেওঁলোকক প্ৰয়োজনীয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। বিভাগটোক অধিক ৰূপত গতিশীল কৰি ডিচেম্বৰ মাহৰ ভিতৰতে চলিত বৰ্ষৰ সকলো কাম আৰম্ভ কৰাৰ বাবেও মন্ত্ৰীগৰাকীয়ে বিষয়া আৰু অভিযন্তাসকলক নিৰ্দেশ দিয়ে।
আনহাতে বানমুক্ত অসমৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জলসম্পদ বিভাগক ভালদৰে কাম কৰিবলৈ নিৰ্দেশ দিয়া বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বান নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিভাগটোক প্ৰয়োজনীয় সকলো সহযোগিতা আগবঢ়াই আহিছে। আনহাতে চৰকাৰী পুঁজিৰ সদব্যৱহাৰ কৰি নিয়াৰিকৈ কামবোৰ আগবঢ়াই নিবলৈ সকলোকে নিৰ্দেশ দি মন্ত্ৰীগৰাকীয়ে কামৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ’ব বুলিও উল্লেখ কৰে। বৈঠকত বিভাগীয় শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।
অসম
চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ

গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই আৰু ইয়াৰে অধিকাংশই চান্দা সংগ্ৰহক এটা সংস্কৃতিত পৰিণত কৰিছে। যাৰ বাবে এইক্ষেত্রত কঠোৰ হৈছে ৰাজ্য চৰকাৰ। চান্দা সংস্কৃতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে অসম ৰিয়েল ষ্টেট ইনফ্ৰাষ্টাকচাৰ ডেভলপাৰ্চ এছচিয়েচন চমুকৈ ‘এৰিডা’ই। এই সন্দৰ্ভত ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই কয়-‘ বছৰৰ পাছত বছৰ ধৰি চলি অহা বেআইনী চান্দা সংস্কৃতিৰ বিৰুদ্ধে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপক আমি স্বাগতম জনাইছো।
চান্দাৰ নামত বলপূৰ্বকভাৱে ধন সংগ্ৰহ কৰাটো একাংশ সংগঠনৰ বাবে ব্যৱসায়ত পৰিণত হৈছে।’ শৰ্মাই লগতে কয়-‘ এই চান্দা সংস্কৃতিয়ে অসমৰ ব্যৱসায়-বাণিজ্যৰ ক্ষেত্রখনত প্ৰভাৱ পেলাই আহিছে। ইয়াৰ বাবে ৰাজ্যখনত ব্যৱসায় কৰাটো বহুতৰে বাবে যথেষ্ট কষ্টকৰ হোৱাৰ উপৰি বিনিয়োগৰ ক্ষেত্রতো প্ৰভাৱ পৰিছিল। বিভিন্ন সংগঠনৰ চান্দাৰ হাৰাশান্তিৰ বাবেই বহুতে বিনিয়োগ কৰাৰ বাবে আগ্ৰহী হোৱা নাছিল।’ বিভিন্ন সমগ্ৰীৰ মূল্যবৃদ্ধিৰ আঁৰত চান্দা সংস্কৃতিৰ প্ৰভাৱ থকাৰ প্ৰসংগ উল্লেখ কৰি শৰ্মাই কয়-‘ চান্দাৰ অভাৱনীয় বোজা ব্যৱসায়ীয়ে মূল্যবৃদ্ধিৰ জৰিয়তে সাধাৰণ জনতাৰ ওপৰত জাপি দিবলৈ বাধ্য হয়।
ব্যৱসায়-বাণিজ্যৰ বিস্তাৰ তথা বিনিয়োগৰ জৰিয়তে ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ বাবে এনে চান্দা সংস্কৃতি বন্ধ কৰাটো নিত্যান্তই প্ৰয়োজন।’ চৰকাৰৰ পদক্ষেপক আদৰণি জনাই শৰ্মাই ৰাজ্যজুৰি চান্দবাজিৰ বিৰুদ্ধে অভিযোগ দিয়াৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰাৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনায়।
-
অসম2 years ago
জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ
-
অসম2 years ago
চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ
-
উত্তৰ-পূব2 years ago
নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
-
অসম2 years ago
নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল
-
গুৱাহাটী2 years ago
গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব
-
অসম2 years ago
ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়
-
ভাৰত2 years ago
কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত মতান্তৰ
-
উত্তৰ-পূব2 years ago
মণিপুৰত ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ, জব্দ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ