Connect with us

উত্তৰ-পূব

মণিপুৰত ৰাণী গাইডিনলিউ জনজাতীয় স্বাধীনতা যুঁজাৰু সংগ্রহালয়ৰ ভূমিপূজন

ৰাণী গাইডিনলিউ

গুৱাহাটী,২৩ নবেম্বৰঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ভিডিঅ’ কনফাৰেঞ্চযোগে মণিপুৰত ৰাণী গাইডিনলিউ জনজাতীয় স্বাধীনতা যুঁজাৰু সংগ্রহালয়ৰ ভূমিপূজন কৰে৷ ভূমিপূজন সমাপন কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কয় যে ৰাণী গাইডিনলিউৰ নামত সংগ্রহালয় স্থাপনৰ জৰিয়তে নতুন প্রজন্মক দেশৰ স্বাধীনতা সংগ্রামৰ উদ্যম আৰু দেশপ্রেমৰ ধাৰণাক উজ্জীৱিত কৰাত সহায় কৰিব।

তদুপৰি এই সংগ্রহালয়ে উত্তৰ-পূবৰ জনজাতীয় স্বাধীনতা যুঁজাৰুৰ অৱদানক উজলাই তুলিব৷ দেশৰ স্বাধীনতা সংগ্রামত জনজাতীয় লোকৰ অপৰিসীম অৱদানৰ বিষয়ে উল্লেখ কৰাৰ লগতে স্বাধীনতাৰ ৭৫ সংখ্যক বার্ষিকী উপলক্ষে ১৫ ৰ পৰা ২২ নৱেম্বৰলৈ জনজাতীয় গৌৰৱ দিৱস উদ্যাপনৰ প্রসংগ উল্লেখ কৰে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে। ৰাণী গাইডিনলিউৰ পৰা ৰজা কুলচন্দ্র সিঙে ব্রিটিছৰ বিৰুদ্ধে স্বাধীনতা সংগ্রামত যি সাহসেৰে যুঁজিছিল তাক বর্ণাই গৃহমন্ত্রী শ্বাহে কয় যে মণিপুৰৰ অনেক স্বাধীনতা যুঁজাৰুৱে ব্রিটিছৰ বিৰুদ্ধে ৰাষ্ট্রীয় পতাকা উত্তোলন কৰিছিল। স্বাধীনতা সংগ্রামৰ প্রসংগেৰে মণিপুৰৰ ঐতিহ্য দাঙি ধৰি গৃহমন্ত্রী শ্বাহে সম্প্রতি মণিপুৰলৈ দীর্ঘদিনৰ মূৰকত এতিয়া শান্তি ঘূৰি আহিছে বুলি কয়।

মণিপুৰৰ ইতিহাস দাঙি ধৰি গৃহমন্ত্রী শ্বাহে কয় যে এনে এটা সময় আছিল, যেতিয়া সশস্ত্র সংগঠনে মণিপুৰত সন্ত্রাস বিয়পাইছিল। আনকি এনে বহু ঘটনাত তেতিয়াৰ চৰকাৰো জড়িত আছিল। কিন্তু এতিয়া মুখ্যমন্ত্রী বীৰেন সিঙৰ অধীনত ৰাজ্যখনৰ আইন-শৃংখলাজনিত পৰিস্থিতি অধিক উন্নত হৈছে। গৃহমন্ত্রী শ্বাহে কয় যে বিগত পাঁচ বছৰৰ ভিতৰতে মণিপুৰৰ যি বিকাশ হৈছে, সেয়া বিগত ৭০ বছৰৰ বিকাশক অতিক্রম কৰিছে৷ মণিপুৰৰ গাঁও অঞ্চলত বৃহৎসংখ্যক আন্তঃগাঁথনিমূলক কাম প্রথমবাৰৰ বাবে কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ প্রচেষ্টা সম্ভৱ হৈ উঠিছে৷ উল্লেখ্য যে গৃহমন্ত্রী শ্বাহে ভূমিপূজন কৰা সংগ্রহালয়টো নির্মাণত ব্যয় হ’ব ১৫ কোটি টকা৷

উত্তৰ-পূব

নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

প্ৰতিষ্ঠা দিৱস

গুৱাহাটী,২ ডিচেম্বৰঃ নাগালেণ্ডৰ ৫৯ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস বুধবাৰে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাজধানী ক’হিমাৰ সচিবালয়ৰ প্লাজাৰ খেলপথাৰত অনুষ্ঠিত এক জাকজমকীয়া অনুষ্ঠানত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৱে মুখ্য অতিথি হিচাপে উপস্থিত থাকে । এই উপলক্ষে দিয়া ভাষণত নেইফিউ ৰিঅৱে কয় যে বিৰোধীহীন ইউনাইটেড ডেমক্ৰেটিক এলায়েন্সৰ চৰকাৰে বৰ্তমান নাগালেণ্ড উন্নয়ন আৰু জনসাধাৰণৰ বিকাশৰ বাবে নিৰন্তৰে কাম কৰি আহিছে ।

গতিকে ৰাজ্যবাসীক নাগালেণ্ডৰ শান্তি আৰু বিকাশক আগুৱাই লৈ যাবলৈ একগোট হৈ কাম কৰিবলৈ আহবান জনায়। লগতে নাগৰিকসকলৰ এক সন্মানজনক জীৱন সুবিধা প্ৰদানৰ বাবে আহবান জনায়। ৰিঅ’ৱে কয় যে আমি মানৱ সম্পদ বিকাশৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। তদুপৰি আমি ৰাজ্যৰ বিকাশৰ গতি দ্ৰুত কৰিবৰ বাবে প্ৰশাসনিক আৰু শাসন প্ৰণালীৰ সংশোধন কৰাৰ প্ৰয়োজন ।

উল্লেখ যে ১৯৬৩ চনৰ ১ ডিচেম্বৰত নাগালেণ্ডে ভাৰতৰ যুক্তৰাষ্ট্ৰৰ ১৬ সংখ্যক ৰাজ্য হিচাবে জন্ম লাভ কৰাৰ বুধবাৰে ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱসত ভৰি দিয়ে। ৰাজ্য প্ৰতিষ্ঠা এই দিবসত মুখ্যমন্ত্ৰী ৰিঅ’ৱে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰে । ৰিঅ’ৱে নাগালেণ্ড ৰাজ্য প্ৰতিষ্ঠাত আত্মবলিদান দিয়া মহান নগা নেতাসকলক শ্ৰদ্ধাৰে সোঁৱৰে ।

Continue Reading

উত্তৰ-পূব

অৰুণাচললৈ বলীউডৰ মুন্নাভাই সঞ্জয় দত্ত

সঞ্জয় দত্ত

গুৱাহাটী,২৯ নবেম্বৰঃ দুদিনৰ বাবে অৰুণাচললৈ বলীউডৰ মুন্নাভাই খ্যাত সঞ্জয় দত্ত। প্ৰকৃতিৰ ভূ-স্বৰ্গ মেচুকাত ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে থাকিব বিশিষ্ট অভিনেতাগৰাকী। পুৱাতে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হয় বলীউদৰ অভিনেতাগৰাকী। তাৰ পাছতেই সেনা বাহিনীৰ হেলিকপ্টাৰেৰে পোনে পোনে অৰুণাচল প্ৰদেশৰ মেচুকালৈ ৰাওনা হয় অৰুণাচল প্ৰদেশৰ ব্ৰেণ্ড এম্বেচাদৰ সঞ্জয় দত্ত।

প্ৰকৃতিৰ ভূ-স্বৰ্গ মেচুকাত ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে তেওঁক আদৰণি জনোৱা হয়। অৰুণাচলৰ মেচুকাতে দুদিন কটাব অভিনেতা গৰাকীয়ে। অৰুণাচলৰ সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণি উৎসৱত অংশগ্ৰহণ কৰিব বলিউডৰ অভিনেতাগৰাকীয়ে।

Continue Reading

উত্তৰ-পূব

মণিপুৰত ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ, জব্দ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ

ইউ এন এল এফ

গুৱাহাটী,২৯ নবেম্বৰঃ মণিপুৰৰ থৌবাল আৰক্ষীয়ে দেওবাৰে ইষ্ট ইম্ফলত অভিযান চলাই নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ কৰে। লগতে বৃহৎ সংখ্যক মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে এক গোপন খবৰ ভিত্তিত থৌবাল আৰক্ষী অধীক্ষক যোগেশ চন্দ্ৰ হাউবিজামৰ নেতৃত্বত আৰক্ষীৰ এটা দলে থৌবাল জিলাৰ হেইকাপ অবাঙ লেইকাইত অভিযান চলাই প্ৰফুল্ল সিঙ, লেইটনজাম কুমাৰ সিঙ আৰু ৱাহেন টমপক নামৰ কেডাৰ কেইজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা ১৩ টা এ কে ৫৬ ৰাইফল , এটা এ কে ৮১, এটা এ কে ৮৬, দুটা এম ১৬ মেছিন গান আৰু দুশ ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

জানিব পৰা এই বৃহৎ মাৰণাস্ত্ৰখিনি ইউ এন এল এফৰ সদস্যই গোপনে সৰবৰাহ কৰিবলৈ লোৱা তথ্য লাভ কৰা পিছতে আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। প্ৰফুল্ল সিঙৰ আৰক্ষীয়ে জেৰাত এই মাৰণাস্ত্ৰখিনি জব্দ কৰিবলৈ সক্ষম হয়।

Continue Reading

আপডেট খবর

প্ৰতিষ্ঠা দিৱস প্ৰতিষ্ঠা দিৱস
উত্তৰ-পূব2 years ago

নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

গুৱাহাটী,২ ডিচেম্বৰঃ নাগালেণ্ডৰ ৫৯ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস বুধবাৰে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাজধানী ক’হিমাৰ সচিবালয়ৰ প্লাজাৰ খেলপথাৰত অনুষ্ঠিত...

ৰৌণক আলী হাজৰিকা ৰৌণক আলী হাজৰিকা
অসম2 years ago

নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত...

পীযুষ হাজৰিকা পীযুষ হাজৰিকা
অসম2 years ago

জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ

গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে।...

চান্দা সংস্কৃতি চান্দা সংস্কৃতি
অসম2 years ago

চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ

গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই...

মহাবিদ্যালয় মহাবিদ্যালয়
অসম2 years ago

ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়

গুৱাহাটী,২ ডিচেম্বৰঃ সাত দিনৰ বাবে বন্ধ কৰা হ’ল সন্দিকৈ কন্যা মহাবিদ্যালয়। কেৱল বন্ধ কৰাই নহয়, মহাবিদ্যালয়খনক মাইক্ৰ’কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা...

কামৰূপ কামৰূপ
গুৱাহাটী2 years ago

গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব

গুৱাহাটী,১ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলাত ভেকচিন নোলোৱাকৈ এজনো লোক যাতে বাদ যাব নোৱাৰে তাৰ বাবে ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পৰ্যায়ৰ...

Trending