Connect with us

অসম

বিশিষ্ট কবি সনন্ত তাঁতিৰ দেহাৱসান

কবি সনন্ত তাঁতি

গুৱাহাটী,২৫ নবেম্বৰঃ বিশিষ্ট কবি সনন্ত তাঁতি আৰু নাই। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা বিশিষ্ট কবিগৰাকীয়ে নিশা ১:০৫ বজাত নতুন দিল্লীৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৯ বছৰ। এটি ওড়িয়া শ্ৰমিক পৰিয়ালত জন্মগ্ৰহণ কৰি বাংলা ভাষাত শিক্ষা লৈ অসমীয়া ভাষাত উল্লেখযোগ্য কবিতা ৰচনা কৰি বহু কেইটা বঁটা লাভ কৰাৰ উপৰিও তেওঁ ২০১৮ বৰ্ষত ‘কাইলৈৰ দিনটো আমাৰ হব’ কাব্যগ্ৰন্থৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। মাটি আৰু মানুহৰ জয়গান গোৱা কবিগৰাকীয়ে জীৱনৰ মহত্ত্ব সমূহক তেওঁৰ কবিতাত সুন্দৰকৈ উপস্থাপন কৰিছিল।

১৯৫২ চনৰ ৪ নৱেম্বৰত অসমৰ কৰিমগঞ্জ জিলাৰ কালীনগৰ চাহ বাগিচাত সন‍ন্ত তাঁতিৰ জন্ম হৈছিল। তেওঁৰ পিতৃ‍ৰ নাম আছিল লোকনাথ তাঁতি আৰু মাতৃৰ নাম আছিল বৈতৰণী তাঁতি। সনন্ত তাঁতিয়ে তেওঁৰ ওপজা ঠাইৰ কালীনগৰ চাহবাগিচা প্ৰাথমিক বিদ্যালয়ত শৈক্ষিক জীৱনৰ পাতনি মেলি প্ৰায় দুই কিলোমিটাৰ নিলগত থকা ৰামকৃষ্ণ নগৰত অৱস্থিত ৰামকৃষ্ণ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৬৯ চনত বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক শিক্ষা সম্পন্ন কৰিছিল। তেওঁ শ্বিলঙৰ ছেইণ্ট এন্থনীজ কলেজত কলেজীয়া জীৱনৰ পাতনি মেলে যদিও আৰ্থিক অৱস্থাৰ বাবে সেই শিক্ষা অসমাপ্ত ৰাখি চাকৰিত যোগদান কৰে। যোৰহাটত চাকৰি কৰি থকা অৱস্থাত যোৰহাট এমালগেমেটেড কলেজত নৈশ শাখাত পঢ়াশুনা কৰে আৰু অৱশেষত ডিব্ৰুগড়ৰ ডিব্ৰু কলেজৰ পৰা প্ৰাইভেট পৰীক্ষাৰ্থী হিচাবে ১৯৭৫ চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল।

১৯৭১ চনত সনন্ত তাঁতিয়ে যোৰহাটত থকা অসম চাহ কৰ্মচাৰী ভবিষ্যনিধি সংগঠনত (পূৰ্ব নাম অসম চাহবাগিচা ভবিষ্যনিধি আৰু বৃত্তিনিধি আঁচনি) কৰ্মচাৰী হিচাবে কৰ্মজীৱন আৰম্ভ কৰে। পৰবৰ্ত্তী সময়ত তেওঁ ক্ৰমান্বয়ে ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগত মহকুমা তথ্য আৰু জনসংযোগ বিষয়া, অসম চাহ কৰ্মচাৰী ভবিষ্যনিধি সংগঠনত জেষ্ঠ জনসংযোগ বিষয়া আৰু উপ- ভবিষ্যনিধি আয়ুক্ত হিচাবে কাৰ্যনিৰ্বাহ কৰি ২০১২ চনত অৱসৰ গ্ৰহণ কৰে যদিও অৱসৰৰ পাচত পুনৰ ডেৰ বছৰকাল বৰ্ধিত সময়ৰ বাবে একেটা কাৰ্যালয়ত বিশেষ কৰ্তব্যৰত বিষয়া হিচাবে দায়িত্ব পালন কৰিছিল।

সৃষ্টিৰ বিশালতাৰে অসমীয়া সাহিত্যৰ ভৰাঁল চহকী কৰা সনন্ত তাঁতিৰ উল্লেখযোগ্য কবিতা পুথিসমূহ হৈছে-উজ্জ্বল নক্ষত্ৰৰ সন্ধানত, মই মানুহৰ অমল উৎসৱ, নিজৰ বিৰুদ্ধে শেষ প্ৰস্তাৱ, শব্দত অথবা শব্দহীনতাত, মৃত্যুৰ আগৰ ষ্টপেজত, টোপনিতো কেতিয়াবা বাৰিষা আহে, দীৰ্ণ বসন্তৰ সৌৰভ, আপুনি আপোনাৰ স’তে যুদ্ধ কৰিব পাৰিবনে, মই, মোৰ নিৰাভৰণ আত্মাৰ শোকাৱহ শব্দবোৰ, কাইলৈৰ দিনটো আমাৰ হ’ব আৰু মোৰ প্ৰিয় সপোনৰ ওচৰে-পাঁজৰে। তেওঁৰ আন এখন কাব্যগ্ৰন্থ হৈছে কৰিমগঞ্জৰ পৰা ৰে’লেৰে আহোঁতে আহোঁতে। তেওঁ লাভ কৰা পুৰস্কাৰ তথা সন্মানসমূহ হৈছে – ১৯৯২ চনত অসম কবি সমাজে আগবঢ়োৱা মৃণালিনী দেৱী গোস্বামী সোঁৱৰণী বঁটা, ২০০২ চনত দলিত সাহিত্য অকাডেমি (অসম শাখা)য়ে আগবঢ়োৱা বীৰ বীৰসা মুণ্ডা পুৰস্কাৰ, ২০১১ চনত অসমৰ চৰ-চাপৰি সাহিত্য পৰিষদে আগবঢ়োৱা ওচমান আলী সদাগৰ সমন্বয় বঁটা, ২০১৪ চনত নগাঁৱৰ ক্ৰান্তিকাল প্ৰকাশনে আগবঢ়োৱা ক্ৰান্তিকাল সাহিত্য সন্মান, ২০১৫ চনত অসম সাহিত্য সভাই আগবঢ়োৱা নিজৰা কবি শৈলধৰ ৰাজখোৱা বঁটা, ২০১৬ চনত অসমৰ এ. পি. পি. এল. ফাউণ্ডেচনে  আগবঢ়োৱা শিৰীষ-অইল সাহিত্য বঁটা, ২০১৬ চনত মুম্বাইৰ ৰমানাথ ভট্টাচাৰ্য্য ফাউণ্ডেচনে আগবঢ়োৱা পণ্ডিত পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ, ২০১৭ চনত গুৱাহাটীৰ মেগৰ শৈক্ষিক ন্যাসে আগবঢ়োৱা অসম উপত্যকা সাহিত্য বঁটা, ২০১৮ চনত ভাৰত চৰকাৰ‍ৰ অধীনস্থ সাহিত্য অকাডেমিয়ে ‘কাইলৈৰ দিনটো আমাৰ হ’ব’ কাব্য সংকলনৰ বাবে আগবঢ়োৱা সাহিত্য অকাডেমি বঁটা আৰু ২০২০ চনত অসমৰ চাহ জনজাতি সাহিত্য সভাই আগবঢ়োৱা মেঘৰাজ কৰ্মকাৰ সাহিত্য বঁটা।

বিশিষ্ট কবিগৰাকীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা কবিগৰাকীক যথেষ্ট আৰ্থিক সংকটৰ মাজত দীৰ্ঘদিন ধৰি  হৈ দিল্লীত চিকিৎসাধীন কৰি থকা হৈছিল। ৰাইজৰ দান বৰঙণিৰে চিকিৎসা আগবঢ়োৱা সনন্ত তাঁতীৰ নশ্বৰ দেহ অসমলৈ অনাৰ বাবে চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক।

অসম

নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

ৰৌণক আলী হাজৰিকা

গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অসম আৰক্ষীৰ নিলম্বিত উপ-মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে থকা গোচৰৰ আজি চাৰ্জশ্বিট দাখিল কৰিলে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে।

৫৭ দিনৰ ভিতৰত তদন্তকাৰী বিষয়াই আদালতত ১৫৬ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰে। জানিব পৰা মতে অভিযোগনামাত ৰৌণক আলিৰ পত্নী নুছৰত ৰৌণক হাজৰিকাৰ নামো আছে। তদুপৰি কন্যালৈ বিভিন্ন একাউন্টেৰে ধনৰ লেনদেন কৰা ফৰিদ আলিৰ লগতে মাটি-বাৰীৰ বিষয়েও সন্নিবিষ্ট আছে অভিযোগনামাত। চাৰ্জশ্বিটত উল্লেখ থকা অনুসৰি ৰৌণক আলী হাজৰিকাৰ মুঠ সম্পত্তিৰ আয় বৰ্হিভূত সম্পত্তিৰ পৰিমাণ প্ৰায় ২১০ শতাংশ। মুঠ সম্পত্তিৰ মুল্য ৪ কোটি ৯৯ হাজাৰ ৫৯৭ টকা।

উল্লেখ্য যে বিভাগীয় কোনো অনুমতি নোলোৱাকৈয়ে ২০১১ চনৰ পৰা কেইবাবাৰো বিদেশ ভ্ৰমণ কৰাৰ বাবে জুলাই মাহত ৰাজ্য চৰকাৰে ৰৌণক আলী হাজৰিকাক নিলম্বন কৰাৰ পিছত ৫ অক্টোবৰত তেওঁক মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছিল।

Continue Reading

অসম

জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ

পীযুষ হাজৰিকা

গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে। জনতা ভৱনৰ নিজা কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষত বিভাগে কৰিবলগীয়া বিভিন্ন কামৰ খতিয়ান লয় আৰু সকলোকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰাৰ বাবে নিৰ্দেশ দিয়ে।

 বৈঠকতে মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ আঁচনিবোৰৰ বাবে প্ৰয়োজনীয় সকলো বিভাগীয় অনুমতিৰ কাম ক্ষীপ্ৰতাৰে কৰাৰ বাবে সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতেও টেলিফোনিক বাৰ্তালাপ কৰি তেওঁলোকক প্ৰয়োজনীয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। বিভাগটোক অধিক ৰূপত গতিশীল কৰি ডিচেম্বৰ মাহৰ ভিতৰতে চলিত বৰ্ষৰ সকলো কাম আৰম্ভ কৰাৰ বাবেও মন্ত্ৰীগৰাকীয়ে বিষয়া আৰু অভিযন্তাসকলক নিৰ্দেশ দিয়ে।

আনহাতে বানমুক্ত অসমৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জলসম্পদ বিভাগক ভালদৰে কাম কৰিবলৈ নিৰ্দেশ দিয়া বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বান নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিভাগটোক প্ৰয়োজনীয় সকলো সহযোগিতা আগবঢ়াই আহিছে। আনহাতে চৰকাৰী পুঁজিৰ সদব্যৱহাৰ কৰি নিয়াৰিকৈ কামবোৰ আগবঢ়াই নিবলৈ সকলোকে নিৰ্দেশ দি মন্ত্ৰীগৰাকীয়ে কামৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ’ব বুলিও উল্লেখ কৰে। বৈঠকত বিভাগীয় শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।

Continue Reading

অসম

চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ

চান্দা সংস্কৃতি

গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই আৰু ইয়াৰে অধিকাংশই চান্দা সংগ্ৰহক এটা সংস্কৃতিত পৰিণত কৰিছে। যাৰ বাবে এইক্ষেত্রত কঠোৰ হৈছে ৰাজ্য চৰকাৰ। চান্দা সংস্কৃতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে অসম ৰিয়েল ষ্টেট ইনফ্ৰাষ্টাকচাৰ ডেভলপাৰ্চ এছচিয়েচন চমুকৈ ‘এৰিডা’ই। এই সন্দৰ্ভত ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই কয়-‘ বছৰৰ পাছত বছৰ ধৰি চলি অহা বেআইনী চান্দা সংস্কৃতিৰ বিৰুদ্ধে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপক আমি স্বাগতম জনাইছো।

চান্দাৰ নামত বলপূৰ্বকভাৱে ধন সংগ্ৰহ কৰাটো একাংশ সংগঠনৰ বাবে ব্যৱসায়ত পৰিণত হৈছে।’ শৰ্মাই লগতে কয়-‘ এই চান্দা সংস্কৃতিয়ে অসমৰ ব্যৱসায়-বাণিজ্যৰ ক্ষেত্রখনত প্ৰভাৱ পেলাই আহিছে। ইয়াৰ বাবে ৰাজ্যখনত ব্যৱসায় কৰাটো বহুতৰে বাবে যথেষ্ট কষ্টকৰ হোৱাৰ উপৰি বিনিয়োগৰ ক্ষেত্রতো প্ৰভাৱ পৰিছিল। বিভিন্ন সংগঠনৰ চান্দাৰ হাৰাশান্তিৰ বাবেই বহুতে বিনিয়োগ কৰাৰ বাবে আগ্ৰহী হোৱা নাছিল।’ বিভিন্ন স‍মগ্ৰীৰ মূল্যবৃদ্ধিৰ আঁৰত চান্দা সংস্কৃতিৰ প্ৰভাৱ থকাৰ প্ৰসংগ উল্লেখ কৰি শৰ্মাই কয়-‘ চান্দাৰ অভাৱনীয় বোজা ব্যৱসায়ীয়ে মূল্যবৃদ্ধিৰ জৰিয়তে সাধাৰণ জনতাৰ ওপৰত জাপি দিবলৈ বাধ্য হয়।

ব্যৱসায়-বাণিজ্যৰ বিস্ত‍াৰ তথা বিনিয়োগৰ জৰিয়তে ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ বাবে এনে চান্দা সংস্কৃতি বন্ধ কৰাটো নিত্যান্তই প্ৰয়োজন।’ চৰকাৰৰ পদক্ষেপক আদৰণি জনাই শৰ্মাই ৰাজ্যজুৰি চান্দবাজিৰ বিৰুদ্ধে অভিযোগ দিয়াৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰাৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনায়।

Continue Reading

আপডেট খবর

প্ৰতিষ্ঠা দিৱস প্ৰতিষ্ঠা দিৱস
উত্তৰ-পূব2 years ago

নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

গুৱাহাটী,২ ডিচেম্বৰঃ নাগালেণ্ডৰ ৫৯ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস বুধবাৰে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাজধানী ক’হিমাৰ সচিবালয়ৰ প্লাজাৰ খেলপথাৰত অনুষ্ঠিত...

ৰৌণক আলী হাজৰিকা ৰৌণক আলী হাজৰিকা
অসম2 years ago

নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত...

পীযুষ হাজৰিকা পীযুষ হাজৰিকা
অসম2 years ago

জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ

গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে।...

চান্দা সংস্কৃতি চান্দা সংস্কৃতি
অসম2 years ago

চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ

গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই...

মহাবিদ্যালয় মহাবিদ্যালয়
অসম2 years ago

ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়

গুৱাহাটী,২ ডিচেম্বৰঃ সাত দিনৰ বাবে বন্ধ কৰা হ’ল সন্দিকৈ কন্যা মহাবিদ্যালয়। কেৱল বন্ধ কৰাই নহয়, মহাবিদ্যালয়খনক মাইক্ৰ’কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা...

কামৰূপ কামৰূপ
গুৱাহাটী2 years ago

গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব

গুৱাহাটী,১ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলাত ভেকচিন নোলোৱাকৈ এজনো লোক যাতে বাদ যাব নোৱাৰে তাৰ বাবে ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পৰ্যায়ৰ...

Trending