Connect with us

উত্তৰ-পূব

কংগ্ৰেছ ত্যাগ কৰি ১১ গৰাকী বিধায়কৰে তৃণমূল কংগ্ৰেছলৈ মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমা

মুকুল চাংমা

গুৱাহাটী,২৫ নবেম্বৰঃ কংগ্ৰেছ দলত মোক্ষম আঘাত। মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই ১১ গৰাকী বিধায়কৰ সৈতে যোগ দিছে তৃণমূল কংগ্ৰেছত। চাংমা নেতৃত্বাধীন বিধায়কসকলে ইতিমধ্যে এই সন্দৰ্ভত মেঘালয় বিধানসভাৰ অধ্যক্ষ মেটবাহ লিংডোক অৱগত কৰিছে। পৰৱৰ্তী সময়ত এই দলটোৱে তৃণমূল কংগ্ৰেছক সমৰ্থন জনোৱাৰ লগতে দলটোৰ হকে কাম কৰিব ৷ প্ৰায় এক দশকৰো অধিক সময় মেঘালয়ৰ শাসনৰ বাঘজৰী চম্ভালা কংগ্ৰেছে ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত নেশ্যনেলিষ্ট পিপ’লছ পাৰ্টীৰ হাতত পৰাজিত হৈছিল। জানিব পৰা মতে কংগ্ৰেছৰ শীৰ্ষ নেতাৰ সৈতে হোৱা মতানৈক্যৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

চাংমাৰ এই সিদ্ধান্তই ৰাজ্যখনত ২০২৩ চনত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত যে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব সেয়া সহজে অনুমেয়। বিগত সময়চোৱাত ৰাজনৈতিক প্ৰেক্ষাপটত ঘটি থকা ঘটনাসমূহ বিশ্লেষণ কৰি চালে এটা কথা স্পষ্ট হয় যে শেহতীয়াকৈ কেইবাজনো জ্যেষ্ঠ ৰাজনৈতিক নেতাই তৃণমূল কংগ্ৰেছত যোগদান কৰিছে ৷

মুকুল চাংমাৰ উপৰি তৃণমূলত যোগদান কৰা অন্যান্য বিধায়সকল হৈছে- চাৰ্লছ পিনগ্ৰোপ (নংথিম্মাই), হিমালয় শ্বাংপলিয়াং (মৌচিনৰাম), জৰ্জ বি লিংডোহ (উমৰোই), জে বি শিটলাং পালে (চুতংগা-চাইপুং), দিক্কাঞ্চি ডি শিৰা (মহেন্দ্ৰগঞ্জ), মিয়ানি ডি শিৰা (আমপতি), জেনিথ চাংমা (ৰংচাকোনা), মাৰ্থন জে চাংমা (মেন্দিপথাৰ), জিমি ডি চাংমা (টিক্ৰিকিল্লা), ৱিনাৰ্ছন ডি চাংমা (চলমানপাৰা) আৰু লাজাৰছ এম চাংমা (চকপট)।

উত্তৰ-পূব

অৰুণাচললৈ বলীউডৰ মুন্নাভাই সঞ্জয় দত্ত

সঞ্জয় দত্ত

গুৱাহাটী,২৯ নবেম্বৰঃ দুদিনৰ বাবে অৰুণাচললৈ বলীউডৰ মুন্নাভাই খ্যাত সঞ্জয় দত্ত। প্ৰকৃতিৰ ভূ-স্বৰ্গ মেচুকাত ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে থাকিব বিশিষ্ট অভিনেতাগৰাকী। পুৱাতে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হয় বলীউদৰ অভিনেতাগৰাকী। তাৰ পাছতেই সেনা বাহিনীৰ হেলিকপ্টাৰেৰে পোনে পোনে অৰুণাচল প্ৰদেশৰ মেচুকালৈ ৰাওনা হয় অৰুণাচল প্ৰদেশৰ ব্ৰেণ্ড এম্বেচাদৰ সঞ্জয় দত্ত।

প্ৰকৃতিৰ ভূ-স্বৰ্গ মেচুকাত ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে তেওঁক আদৰণি জনোৱা হয়। অৰুণাচলৰ মেচুকাতে দুদিন কটাব অভিনেতা গৰাকীয়ে। অৰুণাচলৰ সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণি উৎসৱত অংশগ্ৰহণ কৰিব বলিউডৰ অভিনেতাগৰাকীয়ে।

Continue Reading

উত্তৰ-পূব

মণিপুৰত ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ, জব্দ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ

ইউ এন এল এফ

গুৱাহাটী,২৯ নবেম্বৰঃ মণিপুৰৰ থৌবাল আৰক্ষীয়ে দেওবাৰে ইষ্ট ইম্ফলত অভিযান চলাই নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ কৰে। লগতে বৃহৎ সংখ্যক মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে এক গোপন খবৰ ভিত্তিত থৌবাল আৰক্ষী অধীক্ষক যোগেশ চন্দ্ৰ হাউবিজামৰ নেতৃত্বত আৰক্ষীৰ এটা দলে থৌবাল জিলাৰ হেইকাপ অবাঙ লেইকাইত অভিযান চলাই প্ৰফুল্ল সিঙ, লেইটনজাম কুমাৰ সিঙ আৰু ৱাহেন টমপক নামৰ কেডাৰ কেইজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা ১৩ টা এ কে ৫৬ ৰাইফল , এটা এ কে ৮১, এটা এ কে ৮৬, দুটা এম ১৬ মেছিন গান আৰু দুশ ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

জানিব পৰা এই বৃহৎ মাৰণাস্ত্ৰখিনি ইউ এন এল এফৰ সদস্যই গোপনে সৰবৰাহ কৰিবলৈ লোৱা তথ্য লাভ কৰা পিছতে আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। প্ৰফুল্ল সিঙৰ আৰক্ষীয়ে জেৰাত এই মাৰণাস্ত্ৰখিনি জব্দ কৰিবলৈ সক্ষম হয়।

Continue Reading

উত্তৰ-পূব

নাগালেণ্ডত আবদ্ধ কয়লা ভৰ্তি ট্ৰাক

কয়লা ভৰ্তি ট্ৰাক

গুৱাহাটী,২৮ নবেম্বৰঃ কয়লাৰ চোৰাং কাৰবাৰ আৰু চিণ্ডিকেট বন্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰে কয়লা ব্যৱসায়ীক অনুজ্ঞাপত্ৰ প্ৰদান কৰা সময়তে মৰিয়নিত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কয়লাব্যৱসায়ীসকলৰ মাজত। নাগালেণ্ড সীমান্তত আবদ্ধ হৈ পৰিছে মৰিয়নি অভিমুখী শতাধিক কয়লাপৰিবাহী ট্ৰাক। নাগালেণ্ডৰ আওখামত আবদ্ধ হৈ পৰা কয়লাপৰিবাহী ট্ৰাকসমূহক লৈ বিপাঙত পৰিছে মৰিয়নিৰ কয়লা ব্যৱসায়ীসকল।

জানিব পৰা মতে মৰিয়নিৰ তিনিজন কয়লাব্যৱসায়ীয়ে কয়লা সৰবহাৰ অনুজ্ঞপত্ৰৰ বাবে আবেদন জনাইছে যদিও এইমুহূৰ্তলৈকে সঞ্জীৱ চূড়ী নামৰ এজন কয়লা ব্যৱসায়ীয়ে অনুজ্ঞা পত্ৰ লাভ কৰাৰ বিপৰীতে গৰিষ্ঠসংখ্যক ব্যৱসায়ীৰ নাই অনুজ্ঞাপত্ৰ। ইফালে কয়লা সৰবৰাহৰ প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ নথকাৰ বাবে কয়লাপৰিবাহী ট্ৰাকসমূহক অসমৰ প্ৰশাসনে এইমুহূৰ্তলৈকে অসমত প্ৰবেশৰ অনুমতি দিয়া নাই। মন কৰিবলগীয়া যে নিৰ্ধাৰিত ওজনতকৈ মাত্ৰাধিক কয়লা বোজাই কৰি মৰিয়নিৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ কয়লা সৰবৰাহ কৰি আহিছে।

আনকি নাগালেণ্ডৰ কয়লাক লৈ মৰিয়নিত এক চক্ৰই চিণ্ডিকেতৰাজ চলাই অহাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে কয়লা পৰিবহনত প্ৰশাসনে বাধা আৰোপ কৰাৰ পিচত এক কয়লাৰ মধ্যভোগী দালালে ট্ৰাকসমূহ অসমত প্ৰবেশৰ বাবে আৰক্ষী আৰু আবকাৰী শুল্ক বিভাগক মেনেজ কৰিবলৈ চেষ্টা চলাই অহাৰ কথা জানিব পৰা গৈছে।

Continue Reading

আপডেট খবর

কামৰূপ কামৰূপ
গুৱাহাটী16 hours ago

গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব

গুৱাহাটী,১ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলাত ভেকচিন নোলোৱাকৈ এজনো লোক যাতে বাদ যাব নোৱাৰে তাৰ বাবে ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পৰ্যায়ৰ...

আৰ হৰি কুমাৰ আৰ হৰি কুমাৰ
ভাৰত16 hours ago

ভাৰতীয় নৌসেনাৰ মুৰব্বীৰ দায়িত্বত এডমিৰেল আৰ হৰি কুমাৰ

গুৱাহাটী,১ ডিচেম্বৰঃ দেশৰ নৌসেনা বাহিনীৰ ২৫ সংখ্যক মুৰব্বী হিচাপে দায়িত্ব গ্রহণ কৰে এডমিৰেল আৰ হৰি কুমাৰে৷ নৌসেনাৰ মুৰব্বী এডমিৰেল কৰমবীৰ...

নীৰজ দাস নীৰজ দাস
অসম17 hours ago

যোৰহাট কাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা লৰাৰ দুৰ্ঘটনাত মৃত্যু

গুৱাহাটী,১ ডিচেম্বৰঃ ৰাজ্য কঁপোৱা যোৰহাট কাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা লৰাৰ মৃত্যু। মঙ্গলবাৰে শেষ নিশা আৰক্ষীৰ বাহনৰ পৰা...

মাজুলী-যোৰহাট দলঙ মাজুলী-যোৰহাট দলঙ
অসম2 days ago

মাজুলী-যোৰহাট দলঙৰ নিৰ্মাণ কাৰ্য উদ্বোধন কৰিলে মুখ্যমন্ত্রীয়ে

গুৱাহাটী,৩০ নবেম্বৰঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সোমবাৰে মাজুলীৰ দক্ষিণপাটত ৮.২৫ কিল’মিটাৰ দৈর্ঘ্যৰ মাজুলী-যোৰহাট দলঙৰ নিৰ্মাণ কাৰ্য আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।...

ড° হিমন্ত বিশ্ব শর্মা ড° হিমন্ত বিশ্ব শর্মা
অসম2 days ago

প্রশাসনিক পৰামৰ্শদাতা প্ৰতিষ্ঠান ‘সমগ্র’ৰ মুখ্য কাৰ্যবাহী বিষয়াৰে মুখ্যমন্ত্রীৰ বৈঠক

গুৱাহাটী,৩০ নবেম্বৰঃ গুৱাহাটীৰ কইনাধৰাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রশাসনিক পৰামৰ্শদাতা প্ৰতিষ্ঠান ‘সমগ্র’ৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ গোৱেলৰ...

পৰাগ আগৰৱাল পৰাগ আগৰৱাল
বিশ্ব2 days ago

টুইটাৰৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱাল

গুৱাহাটী,৩০ নবেম্বৰঃ মাইক্ৰ’ব্লগিং ছাইট টুইটাৰৰ সহ-প্ৰতিষ্ঠাপক জেক ডাৰ্চিয়ে কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াপদ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁৰ ঠাইত ভাৰতীয় বংশোদ্ভূত পৰাগ...

Trending