উত্তৰ-পূব
ত্রিপুৰাত আৰক্ষীসহ পাঁচজনক হত্যা

গুৱাহাটী,২৭ নবেম্বৰঃ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ত্রিপুৰাতা। এজন মিস্ত্ৰীয়ে শুকুৰবাৰে নিশা হত্যা কৰিলে আৰক্ষী বিষয়াসহ মুঠ ৫ জন ব্যক্তিক। ত্ৰিপুৰাৰ খোৱাই জিলাত সংঘটিত এই ঘটনা সন্দৰ্ভত ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান ভি এছ যাদৱে জনোৱা মতে এজন মিস্ত্ৰীয়ে উন্মাদ হৈ নিজ পৰিয়ালৰ সদস্যসকলক আক্ৰমণ কৰিছিল। উন্মাদ হৈ পৰা ব্যক্তিগৰাকীৰ ৫ জন লোকৰ মৃত্যু হয়। মৃত ৫ জন লোকৰ মাজত আছিল এগৰাকী আৰক্ষী বিষয়াও। নিহত ব্যক্তি কেইগৰাকী ক্ৰমে তেওঁৰ ভাতৃ, দুই কন্যা শিশু, খোৱাই আৰক্ষী থানাৰ বিষয়া আৰু এগৰাকী অট’ চালক। এই ভয়ংকৰ ঘটনাৰ পিছতে আৰক্ষীয়ে উন্মাদ লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
শুকুৰবাৰে নিশা খোৱাই জিলাৰ উত্তৰ ৰামচন্দ্ৰ ঘাটৰ শ্বেৰাটুলীত সংঘটিত হৈছে এই ঘটনা। স্থানীয় লোকসকলৰ অভিযোগ মতে প্ৰদীপ দেৱৰয় নামৰ এজন ব্যক্তিয়ে প্ৰথমে তেওঁৰ দুই সন্তানক হত্যা কৰিছিল। ইয়াৰ পিছত তেওঁ পত্নীকো হত্যা কৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ পিছতে উন্মাদ ব্যক্তিজনে ঘৰৰ পৰা ওলাই গৈ চোকা অস্ত্ৰৰে অঞ্চলটোত গুণ্ডামি কৰিছিল। উন্মাদ প্ৰদীপ দেৱৰয় নামৰ ব্যক্তিজনে এখন চলন্ত অটো ৰখাই আৰু চালকজনক হত্যা কৰে। এই তথ্য লাভ কৰি খোৱাই আৰক্ষী থানাৰ দ্বিতীয় বিষয়া সত্যজিৎ মল্লিকে টি এছ আৰ জোৱানসকলৰ সৈতে অঞ্চলটোলৈ যায়। কিন্তু আৰক্ষী বিষয়াজনকো নেৰিলে প্ৰদীপ দেৱৰয়ে। তেওঁক তীক্ষ্ণ অস্ত্ৰৰে আক্ৰমণ কৰিলে। ফলত মৃত্যু হ’ল আৰক্ষী বিষয়া সত্যজিৎ মল্লিকৰ।
ইয়াৰ পিছতে আৰক্ষীয়ে উন্মাদ হৈ পৰা প্ৰদীপ দেৱৰয়ক আটক কৰে আৰু হাস্পাতালত ভৰ্তি কৰে। বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আব্যাহত ৰাখিছে। কি কাৰণত প্ৰদীপ দেৱৰয়ে এনেধৰণৰ উন্মাদ আচৰণ কৰি নৰহত্যাৰ দৰে জঘন্য ঘটনা সংঘটিত কৰিলে সেই বিষয়ে আৰক্ষীয় তদন্ত আৰম্ভ কৰিছে।
উত্তৰ-পূব
নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

গুৱাহাটী,২ ডিচেম্বৰঃ নাগালেণ্ডৰ ৫৯ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস বুধবাৰে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাজধানী ক’হিমাৰ সচিবালয়ৰ প্লাজাৰ খেলপথাৰত অনুষ্ঠিত এক জাকজমকীয়া অনুষ্ঠানত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৱে মুখ্য অতিথি হিচাপে উপস্থিত থাকে । এই উপলক্ষে দিয়া ভাষণত নেইফিউ ৰিঅৱে কয় যে বিৰোধীহীন ইউনাইটেড ডেমক্ৰেটিক এলায়েন্সৰ চৰকাৰে বৰ্তমান নাগালেণ্ড উন্নয়ন আৰু জনসাধাৰণৰ বিকাশৰ বাবে নিৰন্তৰে কাম কৰি আহিছে ।
গতিকে ৰাজ্যবাসীক নাগালেণ্ডৰ শান্তি আৰু বিকাশক আগুৱাই লৈ যাবলৈ একগোট হৈ কাম কৰিবলৈ আহবান জনায়। লগতে নাগৰিকসকলৰ এক সন্মানজনক জীৱন সুবিধা প্ৰদানৰ বাবে আহবান জনায়। ৰিঅ’ৱে কয় যে আমি মানৱ সম্পদ বিকাশৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। তদুপৰি আমি ৰাজ্যৰ বিকাশৰ গতি দ্ৰুত কৰিবৰ বাবে প্ৰশাসনিক আৰু শাসন প্ৰণালীৰ সংশোধন কৰাৰ প্ৰয়োজন ।
উল্লেখ যে ১৯৬৩ চনৰ ১ ডিচেম্বৰত নাগালেণ্ডে ভাৰতৰ যুক্তৰাষ্ট্ৰৰ ১৬ সংখ্যক ৰাজ্য হিচাবে জন্ম লাভ কৰাৰ বুধবাৰে ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱসত ভৰি দিয়ে। ৰাজ্য প্ৰতিষ্ঠা এই দিবসত মুখ্যমন্ত্ৰী ৰিঅ’ৱে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰে । ৰিঅ’ৱে নাগালেণ্ড ৰাজ্য প্ৰতিষ্ঠাত আত্মবলিদান দিয়া মহান নগা নেতাসকলক শ্ৰদ্ধাৰে সোঁৱৰে ।
উত্তৰ-পূব
অৰুণাচললৈ বলীউডৰ মুন্নাভাই সঞ্জয় দত্ত

গুৱাহাটী,২৯ নবেম্বৰঃ দুদিনৰ বাবে অৰুণাচললৈ বলীউডৰ মুন্নাভাই খ্যাত সঞ্জয় দত্ত। প্ৰকৃতিৰ ভূ-স্বৰ্গ মেচুকাত ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে থাকিব বিশিষ্ট অভিনেতাগৰাকী। পুৱাতে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হয় বলীউদৰ অভিনেতাগৰাকী। তাৰ পাছতেই সেনা বাহিনীৰ হেলিকপ্টাৰেৰে পোনে পোনে অৰুণাচল প্ৰদেশৰ মেচুকালৈ ৰাওনা হয় অৰুণাচল প্ৰদেশৰ ব্ৰেণ্ড এম্বেচাদৰ সঞ্জয় দত্ত।
প্ৰকৃতিৰ ভূ-স্বৰ্গ মেচুকাত ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে তেওঁক আদৰণি জনোৱা হয়। অৰুণাচলৰ মেচুকাতে দুদিন কটাব অভিনেতা গৰাকীয়ে। অৰুণাচলৰ সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণি উৎসৱত অংশগ্ৰহণ কৰিব বলিউডৰ অভিনেতাগৰাকীয়ে।
উত্তৰ-পূব
মণিপুৰত ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ, জব্দ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ

গুৱাহাটী,২৯ নবেম্বৰঃ মণিপুৰৰ থৌবাল আৰক্ষীয়ে দেওবাৰে ইষ্ট ইম্ফলত অভিযান চলাই নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ কৰে। লগতে বৃহৎ সংখ্যক মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে এক গোপন খবৰ ভিত্তিত থৌবাল আৰক্ষী অধীক্ষক যোগেশ চন্দ্ৰ হাউবিজামৰ নেতৃত্বত আৰক্ষীৰ এটা দলে থৌবাল জিলাৰ হেইকাপ অবাঙ লেইকাইত অভিযান চলাই প্ৰফুল্ল সিঙ, লেইটনজাম কুমাৰ সিঙ আৰু ৱাহেন টমপক নামৰ কেডাৰ কেইজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা ১৩ টা এ কে ৫৬ ৰাইফল , এটা এ কে ৮১, এটা এ কে ৮৬, দুটা এম ১৬ মেছিন গান আৰু দুশ ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
জানিব পৰা এই বৃহৎ মাৰণাস্ত্ৰখিনি ইউ এন এল এফৰ সদস্যই গোপনে সৰবৰাহ কৰিবলৈ লোৱা তথ্য লাভ কৰা পিছতে আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। প্ৰফুল্ল সিঙৰ আৰক্ষীয়ে জেৰাত এই মাৰণাস্ত্ৰখিনি জব্দ কৰিবলৈ সক্ষম হয়।
-
অসম1 year ago
জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ
-
অসম1 year ago
চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ
-
উত্তৰ-পূব1 year ago
নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
-
অসম1 year ago
নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল
-
গুৱাহাটী1 year ago
গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব
-
অসম1 year ago
ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়
-
ভাৰত1 year ago
কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত মতান্তৰ
-
উত্তৰ-পূব1 year ago
মণিপুৰত ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ, জব্দ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ