বিশ্ব
টুইটাৰৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱাল

গুৱাহাটী,৩০ নবেম্বৰঃ মাইক্ৰ’ব্লগিং ছাইট টুইটাৰৰ সহ-প্ৰতিষ্ঠাপক জেক ডাৰ্চিয়ে কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াপদ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁৰ ঠাইত ভাৰতীয় বংশোদ্ভূত পৰাগ আগৰৱালক নিযুক্তি প্ৰদান কৰা হৈছে। এতিয়াৰে পৰা টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া হ’ব ভাৰতীয় মূলৰ পৰাগ আগৰৱাল। ইয়াৰ পিছতে বিভিন্নজনে পৰাগক শুভেচ্ছা জ্ঞাপন কৰিছে।
আনহাতে টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদ ত্যাগ কৰা জেক ডাৰ্চিয়েও পৰাগক এই দায়িত্ব দিয়াৰ বাবে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে প্ৰশংসা কৰিছে। জেক ডাৰ্চিয়ে কৈছে যে টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে পৰাগৰ ওপৰত তেওঁৰ গভীৰ বিশ্বাস আছে। যোৱা ১০ বছৰত তেওঁৰ কাম অত্যন্ত দৰ্শনীয় আছিল। ডৰ্চিয়ে লগতে কৈছে যে তেওঁ পৰাগৰ হৃদয়, ব্যক্তিত্ব আৰু দক্ষতাৰ বিষয়ে নিশ্চিত আৰু অতি কৃতজ্ঞ।
এতিয়া তেওঁৰ নেতৃত্ব দিয়াৰ সময়। উল্লেখ্য যে পৰাগ আগৰৱাল টুইটাৰৰ মুখ্য প্ৰযুক্তি বিষয়া (চি টি অ’) হিচাপে কৰ্মৰত আছিল। তেওঁ টুইটাৰৰ মুখ্য কাৰিকৰী বিষয়া আৰু সম্পূৰ্ণ কাৰিকৰী দায়িত্বত আছিল। ডাৰ্চিৰ মতে পৰাগ আগৰৱালে টুইটাৰত এজন অভিযন্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। এতিয়া তেওঁ চি ই অ’ৰ দায়িত্ব ল’ব। কম্পিউটাৰ বিজ্ঞানত ডক্টৰেট লাভ কৰা পৰাগ আগৰৱালে আই আই টি বোম্বাইৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী গ্ৰহণ কৰিছে। তাৰ পিছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞানত পি এইচ ডি কৰিছে।
আগৰৱালে ২০১১ চনত টুইটাৰত যোগদান কৰিছিল। তেতিয়াৰ পৰা তেওঁ টুইটাৰত কাম কৰি আছে। তেওঁক ২০১৭ চনত কোম্পানীৰ চি টি অ’ হিচাপে দায়িত্ব দিয়া হৈছিল। যিসময়ত পৰাগে টুইটাৰত যোগদান কৰিছিল সেই সময়ত কৰ্মচাৰীৰ সংখ্যা ১০০০ তকৈ কম আছিল। পৰাগে টুইটাৰত যোগদান কৰাৰ আগতে মাইক্ৰছফ্ট আৰু য়াহুতো সেৱা আগবঢ়াইছে।
বিশ্ব
আমেৰিকাক অতিক্ৰমি শীৰ্ষস্থানত চীন

গুৱাহাটী,১৭ নবেম্বৰঃ মহাশক্তিশালী আমেৰিকাক পিছ পেলাই পৃথিৱীৰ সকলোতকৈ সম্পদশালী ধনাঢ়্য দেশ হিচাপে পৰিগণিত হৈছে এছিয়াৰ ছুপাৰ পাৱাৰ চীন। মাত্র দুটা দশকৰ ভিতৰত আমেৰিকাক অতিক্রম কৰি শীর্ষত অৱস্থান কৰিছে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্রখনে।
ৱর্ল্ড ট্রেড অর্গেনাইজেচনৰ এক সমীক্ষা মতে ২০০০ চনত কেৱল ৭ ত্রিলিয়ন ডলাৰৰ সম্পদ থকা চীনে ২০২১ত ১২০ ত্রিলিয়ন ডলাৰলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷ সমীক্ষাটোৰ মতে ২০০০ চনত বিশ্বৰ মুঠ সম্পদৰ পৰিমাণ আছিল ১৫৬ ত্রিলিয়ন আৰু এতিয়া এই পৰিমাণ ত্রিগুণতকৈ বেছি বৃদ্ধি হৈ ৫১৪ ত্রিলিয়ন ডলাৰ হৈছেগৈ।
আমেৰিকাৰ মুঠ সম্পদৰ পৰিমাণ এই সময়ছোৱাত দ্বিগুণ বৃদ্ধি হৈছে যদিও চীনতকৈ বহু পিছপৰি ৰৈছে। আমেৰিকাৰ সম্পদৰ পৰিমাণ হ’ল ৯০ ত্রিলিয়ন৷ প্রকাশ পোৱা তথ্য মতে চীনে যোৱা দুটা দশকত বিশ্বজুৰি ব্যৱসায়িক পৰিসৰ বৃদ্ধি কৰাৰ ফলতেই প্রভুত সম্পদৰ অধিকাৰী হৈছে আৰু শক্তিশালী আমেৰিকাক স্থানচ্যুত কৰি শীর্ষত অৱস্থান কৰিবলৈ সক্ষম হৈছে৷
বিশ্ব
ছিংগাপুৰৰ চিৰিয়াখানাত চাৰিটা সিংহৰ দেহত ক’ভিডৰ উপস্থিতি

গুৱাহাটী,১১ নবেম্বৰঃ ছিংগাপুৰৰ এখন চিৰিয়াখানৰ চাৰিটা সিংহৰ শৰীৰত ক’ভিডৰ সংক্ৰমণ ধৰা পৰিছে। চিৰিয়াখানাখনৰ ক’ভিড সংক্ৰমিত কৰ্মচাৰীৰ সংস্পৰ্শলৈ অহাৰ পাছতে সিংহ চাৰিটা ক’ভিড প’জিটিভ হোৱা বুলি ধাৰণা কৰা হৈছে। ছিংগাপুৰৰ নাইট চাফাৰী চিৰিয়াখানাত থকা সিংহ চাৰিটাৰ শৰীৰত ক’ভিডৰ সংক্ৰমণ ধৰা পৰে।
সিংহ চাৰিটাৰ শৰীৰত কাঁহ আৰু চৰ্দিৰ নিচিনা ক’ভিডৰ প্ৰাথমিক লক্ষণ ধৰা পৰাৰ পাছতে পি চি আৰ পৰীক্ষা কৰা হয় আৰু উক্ত পৰীক্ষাত সিংহ চাৰিটা ক’ভিড প’জিটিভ হোৱা বুলি নিশ্চিত হয়। চিৰিয়াখনৰ কৰ্মচাৰীয়ে উল্লেখ কৰা অনুসৰি সিংহ চাৰিটা ক’ভিড প’জিটিভ হ’লেও এতিয়াও ভালদৰে খোৱা-লোৱা কৰি আছে। চিৰিয়াখানা কৰ্তৃপক্ষই সিংহ চাৰিটাৰ স্বাস্থ্যৰ ওপৰত অহৰ্নিশে নজৰ ৰখা বুলিও উল্লেখ কৰে।
বিশ্ব
বিবাহপাশত আৱদ্ধ হ’ল নবেল বিজয়ী মালালা ইউছুফজাই

গুৱাহাটী,১০ নবেম্বৰঃ বিবাহপাশত আৱদ্ধ হ’ল নবেল বিজয়ী মালালা ইউছুফজাই। ছচিয়েল মিডিয়াৰ জৰিয়তে স্বয়ং মালালই সদৰী কৰিছে এই কথা। টুইটাৰত মালালাই লিখিছে-” আজি মোৰ জীৱনৰ এক অমূল্য দিন।” বিবাহ বন্ধনৰ কথা উল্লেখ কৰি এটা সৰু অনুষ্ঠানৰ জৰিয়তে এই বিবাহ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ল বুলিও উল্লেখ কৰিছে মালালাই।
মালালাৰ বিবাহৰ খবৰ লাভ কৰাৰ পিছতে তেওঁৰ অনুৰাগীসকলে মালালাৰ স্বামী কোন সেই বিষয়ে জানিবলৈ উৎকণ্ঠিত হৈ পৰিছে। জানিব পৰা মতে মালালাৰ স্বামী পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ সৈতে জড়িত। তেওঁ বৰ্তমান পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ জেনেৰেল মেনেজাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁৰ নাম অছৰ মালিক। পূৰ্বে মালিকে খেলুৱৈ পৰিচালনা কোম্পানীৰ পৰিচালনা সঞ্চালকৰ দায়িত্বও পালন কৰিছিল।
উল্লেখ্য যে মালালাই ছোৱালী শিক্ষাৰ বাবে মাত মাতি আহিছে। ছোৱালীৰ শিক্ষাৰ বাবে মাত মতাৰ বাবেই তেওঁ তালিবানৰ দ্বাৰা আক্ৰমণৰ সন্মুখীন হৈছিল। আমেৰিকান সেনাৰ সহায়ত দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ থকা মালালাই ইয়াৰ পিছতো মনোবল হ্ৰাস কৰা নাছিল আৰু নিজেই শিক্ষা গ্ৰহণ কৰাৰ লগতে নাৰীৰ শিক্ষাৰ বাবে ধাৰাবাহিকভাৱে মাত মাতি আহিছে।
-
অসম7 months ago
জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ
-
উত্তৰ-পূব7 months ago
নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
-
অসম7 months ago
চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ
-
অসম7 months ago
নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল
-
গুৱাহাটী7 months ago
গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব
-
অসম7 months ago
ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়
-
ভাৰত7 months ago
কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত মতান্তৰ
-
উত্তৰ-পূব7 months ago
অৰুণাচললৈ বলীউডৰ মুন্নাভাই সঞ্জয় দত্ত